লণ্ডনৰ বিলাসী বাসগৃহ‌ও ত্যাগ কৰিব লাগিব মালিয়াই : ন্যায়ালয়ৰ নিৰ্দেশ

1521219249 0746

ভাৰতীয় মূলৰ পলাতক ব্যৱসায়ী বিজয় মালিয়াই এইবাৰ লণ্ডনত থকা নিজৰ বিলাসী বাসগৃহ ত্যাগ কৰিব লাগিব । এই সন্দৰ্ভত মালিয়াই আদালতত দাখিল কৰা এক আবেদন ‌ব্ৰিটিছ আদালতে নাকচ কৰাত এতিয়া ভাৰতৰ পৰা পলায়ন কৰি‌ লণ্ডনত আশ্ৰয় গ্ৰহণ কৰা প্ৰৱঞ্চক ব্যৱসায়ীজনে লণ্ডনৰ বাসগৃহ ত্যাগ কৰাৰ বিকল্প নাই ।

দৰাচলতে কিছুদিন পূৰ্বে মালিয়াক এই ঘৰটো ত্যাগ কৰিবলৈ আদালতে নিৰ্দেশ দিছিল আৰু ইয়াৰ বিৰুদ্ধে তেওঁ আবেদন ‌দাখিল কৰিছিল । কিন্তু আদালতে মালিয়াৰ এই আবেদন প্ৰত্যাখ্যান কৰে । ছুইছ বেংক ইউ বি এছৰ স’তে দীৰ্ঘদিনীয়া আইনী বিবাদৰ পাছত মালিয়াক আদালতে লণ্ডনৰ বাসগৃহটো খালি কৰি দিবলৈ নিৰ্দেশ দিছিল । উক্ত বাসগৃহটো ইউ বি এছ বেংকে বাজেয়াপ্ত কৰি নিলাম যোগে বিক্ৰীৰে মালিয়াৰ অনাদায়ী ঋণৰ ধন আদায়ৰ ব্যৱস্থা কৰিব ।

উল্লেখ্য যে ব্ৰিটেইনলৈ পলাই গৈছিল । ভাৰতত নহেজাৰ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰি প্ৰৱঞ্চক ব্যৱসায়ীজনে তেতিয়াৰে পৰা লণ্ডনতেবাস কৰি আহিছে ।

Exit mobile version