সংক্ৰমণ বৃদ্ধি স্বত্ত্বেও নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই ইউৰোপত

uk covid

ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ সংক্ৰমণ ইউৰোপত দ্ৰুতগতিত বৃদ্ধি অব্যাহত আছে । যোৱা সোমবাৰে ইউৰোপত ৮.৭৫ লাখ নতুন ক’ভিড ৰোগীক চিনাক্ত কৰা হৈছিল । কিন্তু ক’ভিডৰ এনে ব্যাপক সংক্ৰমণৰ পাছতো ইউৰোপ স্তব্ধ হোৱা নাই । ইউৰোপৰ কে’বাখনো দেশৰ চৰকাৰে ক’ভিডৰ শেহতীয়া সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত তলাবন্ধ অথবা আন কোনো কঠোৰ ক’ভিড বিধি বলৱৎ কৰাৰ পৰা বিৰত আছে । ফ্ৰান্স চৰকাৰে শিক্ষকসকলৰ ব্যাপক বিক্ষোভৰ পাছতো দেশখনৰ বিদ্যালয়সমূহ কৰ’নাৰ সংক্ৰমণৰ ফলত পুনৰ বন্ধ নকৰাৰ সিদ্ধান্ত ল’লে ।

ফ্ৰান্স চৰকাৰে কয় যে দুপালিকৈ প্ৰতিষেধক গ্ৰহণৰ পাছত দেশখনৰ নাগৰিকসকলে কৰ’নাৰ সংক্ৰমণৰ স’তে নিশ্চিতভাৱে সংগ্ৰাম কৰিব পাৰিব । ফ্ৰান্সত সম্প্ৰতি নতুনকৈ এক লাখ লোক কৰ’নাত সংক্ৰমিত হৈছে । ইউৰোপৰ আন এখন মুখ্য দেশ ব্ৰিটেইনতো চৰকাৰে তলাবন্ধৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিলে ।

ব্ৰিটেইন চৰকাৰে প্ৰকাশ কৰা অনুসৰি, কৰ’নাৰ সংক্ৰমণ বাঢ়িলেও দেশখনে পূৰ্বৰ দৰে তলাবন্ধ অথবা প্ৰতিষেধক প্ৰমাণপত্ৰ প্ৰৱৰ্তন নকৰে । ব্ৰিটেইনত সম্প্ৰতি দৈনিক ৯০ হেজাৰ লোক ক’ভিডত সংক্ৰমিত হৈছে ।

ইফালে, বৰদিনৰ সময়ত স্কটলেণ্ড চৰকাৰে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও অহা ২৪ জানুৱাৰীৰ পৰা দেশখনে এই সকলো নিষেধাজ্ঞা বাতিল কৰিব । মঙলবাৰে স্কটলেণ্ডত ৩৬,৫২৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছিল । স্পেইনত মাস্ক পৰিধান বাধ্যতামূলক যদিও দেশখনৰ কাৰ্যালয়, বজাৰ, বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানসমূহ ক’ভিডৰ ব্যাপক সংক্ৰমণৰ পাছতো মুকলি ৰখা হৈছে । দেশখনত দৈনিক ১.১০ লাখ লোক কৰ’নাত আক্ৰান্ত হৈ আহিছে ।

ইউৰোপত সৰ্বপ্ৰথম তলাবন্ধ ঘোষণা কৰা হলেণ্ডেও অহা ২২ জানুৱাৰীৰ পৰা তলাবন্ধ প্ৰত্যাহাৰ কৰিব । জাৰ্মানীত দৈনিক ৫৪ হেজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে যদিও দেশখনত ৰাজহুৱা যাতায়ত ব্যৱস্থা বাহাল আছে । পৰ্তুগালতো দৈনিক ২১ হেজাৰ লোক কৰ’নাত সংক্ৰমিত হোৱাৰ পাছতো শিক্ষানুষ্ঠানসমূহ মুকলি ৰখা হৈছে । ৰাছিয়াত সম্প্ৰতি দৈনিক ৩০ হেজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে, কিন্তু দেশখনত তলাবন্ধ কৰা হোৱা নাই । ফিনলেণ্ড, পোলেণ্ড আৰু ছুইজাৰলেণ্ডতো কৰ’নাৰ সংক্ৰমণ ১৫-২২ হেজাৰ ভিতৰত আছে যদিও দেশকেইখনে স্বাভাৱিক জীৱন ‌যাত্ৰা অব্যাহত ৰাখিছে ।

Exit mobile version