দেশজুৰি ক’ভিডৰ তৃতীয় ঢৌৱে তাণ্ডৱ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে । এই মৰ্মে অসম চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ক’ভিড কেয়াৰ চেণ্টাৰ আৰু ক’ভিড হাস্পাতালত ভৰ্তি হোৱা ৰোগীৰ যদি একেৰাহে তিনিদিন কোনো লক্ষণ নাথাকে তেন্তে পাঁচদিন চিকিৎসাধীন হোৱাৰ অন্তত তেওঁক হাস্পাতালৰ পৰা মুকলি কৰিব পাৰিব । হাস্পাতালৰ পৰা যাবলৈ দিয়াৰ সময়ত ৰেপিড এণ্টিজেন টেষ্ট অথবা আৰটিপিচিআৰ টেষ্টৰ প্ৰয়োজন নাই । অৱশ্যে লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত চিকিৎসকে সিদ্ধান্ত ল’ব ।
হাস্পাতালৰ পৰা মুক্ত হোৱাৰ পাছত ৰোগীজনে ঘৰত দুদিন অধিক অকলশৰীয়াকৈ থাকিব লাগিব । পূৰ্বৰ দৰে ঘৰলৈ গৈ সাতদিন এনেদৰে থাকিব নালাগে । পাঁচদিন চিকিৎসালয়ত আৰু দুদিন ঘৰত আইছ’লেছনত থকাৰ পাছত ৰোগীজনক সুস্থ বুলি বিবেচনা কৰা হয় । অৰ্থাৎ মুঠ সাতদিন আইছ’লেছনত থকাৰ পাছত সুস্থ বুলি বিবেচনা কৰা হ’ব ৰোগীক । ইপিনে, ঘৰতে আইছ’লেছনত থকা উপসৰ্গবিহীন ৰোগীক সাতদিনৰ দিনা মুক্ত বুলি বিবেচনা কৰা হ’ব । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নিৰ্দেশনাত এইদৰে উল্লেখ কৰা হয় ।
আনহাতে, ক’ভিড পৰীক্ষণৰ ক্ষেত্ৰত কোৱা হৈছে যে সন্তান প্ৰসৱ আৰু অস্ত্ৰোপচাৰকে ধৰি জৰুৰীকালীন প্ৰক্ৰিয়াসমূহ ক’ভিড পৰীক্ষা নোহোৱা বাবে বিলম্বিত হ’ব নালাগে । যিকোনো মেডিকেল কলেজ, জিলা হাস্পাতাল অথবা অন্যান্য চৰকাৰী অথবা বেচৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ জৰুৰীকালীন বিভাগলৈ অহা ৰোগীৰ যদিহে ক’ভিড সম্পৰ্কীয় কোনো লক্ষণ নাথাকে তেন্তে ক’ভিড পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিব নালাগে ।
তদুপৰি হাস্পাতালত চিকিৎসাধীন অস্ত্ৰোপচাৰ অথবা আন্যান্য প্ৰক্ৰিয়া সম্পন্ন কৰিবলগীয়া লক্ষণবিহীন ৰোগীক প্ৰয়োজন নহ’লে অথবা লক্ষণে দেখা নিদিলে ক’ভিড পৰীক্ষা কৰিব নালাগে । হাস্পাতালত চিকিৎসাধীন গৰ্ভৱতী অথবা সন্তান সম্ভাৱা মাতৃৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব । তদুপৰি ক’ভিড পৰীক্ষাৰ ব্যৱস্থা নথকা বাবে আন স্থানলৈ ৰোগীক হস্তান্তৰ কৰিব নালাগে । ক’ভিডৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰি দিব লাগিব ।