খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ গণৰাজ্য দিৱসৰ প্ৰস্তুতি

৫৪০০ পতাকা প্ৰস্তুতৰ লক্ষ্য, মুঠ ১৪ লাখ টকাৰ পতাকা প্ৰস্তুত

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো সকলো ক’ভিড বিধি পালনেৰে গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । এইবাৰ সমগ্ৰ দেখে পালন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস । অসমতো গণৰাজ্য দিৱস উপলক্ষে সাজু হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড । সম্প্ৰতি গুৱাহাটীৰ চানমাৰীস্থিত বৰ্ডৰ কাৰ্যালয়ৰ কাৰখানাত গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুত কৰি থকা হৈছে জাতীয় পতাকা । বিভিন্ন জোখৰ পতাকা প্ৰস্তুত কৰি আছে কাৰখানাৰ মুঠ ১৬ গৰাকী কৰ্মচাৰীয়ে । এইবেলি মুঠ ৫৪০০ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও আজি দিনটোলৈ মুঠ ৬৫২৩ খন পতাকা বনোৱা সম্পূৰ্ণ কৰিছে বুলি বৰ্ডৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া (মাৰ্কেটিং) বিপুল হাজৰিকাই ।

তেওঁ কয়, ‘বিগত বৰ্ষত ক’ভিডৰ বাবে পতাকা কমকৈ প্ৰস্তুত কৰা হৈছিল । ২২৯১ খন পতাকা প্ৰস্তুত কৰা হৈছিল । সেই পতাকাৰ বাবদ লাভ কৰা হৈছিল মুঠ ৮.৬০ লাখ টকা । এইবেলি আমি ৫৪০০ পতাকা প্ৰস্তুতৰ টাৰ্গেট ৰাখিছিলো । কিন্তু টাৰ্গেটতকৈ অধিক পতাকা আজিৰ দিনটোলৈ প্ৰস্তুত কৰি আমাৰ ভাণ্ডাৰ সমূহলৈ পঠাই দিয়া হ’ল । আজিৰ দিনটোলৈ মুঠ ৬ ৫২৩ খন পতাকা আমাৰ পৰা পঠোৱা হৈছে ।’

তেওঁ পুনৰ কয়, ‘এইবাৰ দুটা মানৰ পতাকা প্ৰস্তুত কৰা হৈছে । এটা নৰম(ফাইন) আৰু এটা কিছু ডাঠ । কে’বাটাও জোখত প্ৰস্তুত হোৱা পতাকাসমূহৰ দাম ভিন্ন । নৰম পতাকা প্ৰতিখনত এনেধৰণৰ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল পতাকাৰ দাম প্ৰতিখনত ৭০০ টকা, ৪.৫ ফুট দীঘল আৰু তিনি ফুট বহল পতাকাৰ দাম প্ৰতিখনত ৫২০ টকা , তিনি ফুট দীঘল দুই ফুট বহল পতাকাৰ প্ৰতিখনৰ মূল্য ৩০০ টকা , ৬/৯ ইঞ্চিৰ পতাকা (কাৰ ফ্লেগ) প্ৰতিখনত ৯০ টকা , দুই ফুট ২৫ ইঞ্চি দীঘল আৰু ডেৰ ফুট বহল পতাকাৰ মূল্য প্ৰতিখনত ১৭০ টকা, ১.৫ ফুট দীঘল এক ফুট বহল পতাকাৰ মূল্য প্ৰতিখনত ১২০ টকা । তেনেদৰে দীঘলে ছয় ফুট আৰু বহলে চাৰি ফুটৰ ডাঠ ধৰণৰ পতাকাৰ মূল্য প্ৰতিখনত ৬০০ টকা, দীঘলে তিনি ফুট আৰু বহলে ৪.৫ ফুটৰ পতাকাৰ মূল্য ৪৭০, দীঘলে তিনি ফুট আৰু বহলে দুই ফুটৰ পতাকা প্ৰতিখনৰ ২৫০ টকা ধার্য কৰা হৈছে । এতিয়ালৈ মুঠ ১১ লাখ ২৭ হেজাৰ টকাৰ পতাকা প্ৰস্তুত কৰা হৈছে । এইবেলি যঁতৰৰ প্ৰতীক থকা ১২ খন পতাকা প্ৰস্তুত কৰা হৈছে ।’

অসমৰ মুঠ ২২ খন খাদী ভাণ্ডাৰৰ জৰিয়তে পতাকাসমূহৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি হাজৰিকাই জানিবলৈ দি পুনৰ কয়, ‘কামৰূপত তিনিখনক লৈ অসমৰ বিভিন্ন জিলাত মুঠ ২২ খন ভাণ্ডাৰ আছে । আমি প্ৰস্তুত কৰা পতাকা সমূহ এই ভাণ্ডাৰাৰ পৰা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । আজিৰ দিনটোলৈ আমি টাৰ্গেটতকৈ বেছি পতাকা প্ৰস্তুত তথা বিক্ৰী কৰিলো । পতাকা বনোৱা কামটো এতিয়াও চলি আছে । এতিয়ালৈ ১৪ লাখ টকাৰ পতাকা ওলাই গল বিক্ৰীৰ বাবে । এইবেলি ‘কাৰ ফ্লেগ’ৰ চাহিদা আগতকৈ বৃদ্ধি পাইছে । আমাৰ কিছু কিছু ভাণ্ডাৰৰ পৰা অৰুণাচল আৰু নাগালেণ্ডলৈয়ো পতাকা পঠিওৱা হৈছে । বৰ্তমান আমাৰ কাৰখানাত ১৬ গৰাকী কৰ্মচাৰীয়ে পতাকা চিলাই কৰা, অশোক স্তম্ভৰ প্ৰতীক ষ্টাম্পিং কৰা ইত্যাদি কামত ব্যস্ত হৈ আছে ।’

Exit mobile version