নৰেন্দ্র মোদী চৰকাৰৰ সিদ্ধান্তত ৫০ বছৰ পাছত নুমুৱাব নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিৰ অনির্বাণ শিখা । শুকুৰবাৰে সেই অগ্নিশিখা লৈ যোৱা হৈছে নৱনির্মীত ‘নেচনেল ৱাৰ মেম’ৰিয়েল’-ত ।
১৯৭১ত বাংলাদেশৰ স্বাধীনতা যুদ্ধত ছহিদ ভাৰতীয় সেনাৰ স্মৃতিত তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰকাৰে প্রতিষ্ঠা কৰিছিল অমৰ জোৱান জ্যোতি । ১৯৭২ৰ ২৭ জানুৱাৰীত ইন্দিৰাই এই স্মৃতিসৌধৰ উদ্বোধন কৰিছিল । শিলৰ স্তম্ভত উলোটা কৰি ৰখা ৭.৬২ স্বয়ংক্রিয় ৰাইফল আৰু তাৰ ওপৰত এটা সেনা শিৰস্ত্রাণৰ স্মাৰক আছে ইয়াত । তাৰ সন্মুখত সর্বক্ষণ জ্বলি থকা জুইৰ শিখা । ঠিকনা সলনি এইবাৰ প্রায় আধা কিলোমিটাৰ দূৰত্বৰ ‘নেচনেল ৱাৰ মেম’ৰিয়েল’-ত ।