বোমা বিস্ফোৰণত কঁপি উঠিল মুর্শিদাবাদ, বল ভাবি খেলিবলৈ লওঁতেই আহত তিনি কিশোৰ

362165 01

বোমা বিস্ফোৰণত কঁপি উঠিল কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীৰ লোকসভা কেন্দ্র বহৰমপুৰ । উক্ত ঘটনাত চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত । বোমা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হয় তিনি কিশোৰ । খেলপথাৰত খেলি থকাৰ সময়তেই ভয়ংকৰ ঘটনাটো সংঘটিত হয় । আহত তিনি কিশোৰক মুর্শিদাবাদ মেডিকেল কলেজত ভর্তি কৰা হৈছে ।

স্থানীয় সূত্রে খবৰ, আজি পুৱা বোমা বিস্ফোৰণ হয় বহৰমপুৰৰ টিটটিকিপাৰা অঞ্চলত । সেই সময়ত তিনি কিশোৰে খেলপথাৰত খেলি আছিল । বল ভাবি এটা বস্তু তুলি লৈ আনে তিনি কিশোৰে । সেইটো খেলিবলৈ ল‌ওঁতেই বিস্ফোৰণ হয় ।

তৎক্ষণাৎ আহত তিনিজনক মুর্শিদাবাদ মেডিকেল কলেজত ভর্তি কৰা হয় । তেওঁলোকে ভৰিত আৰু বুকুত আঘাত পাইছে । তিনিওজনৰে অৱস্থা সম্প্ৰতি স্থিতিশীল । আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলত আহি উপস্থিত হয় । আহতসকলৰ বয়স ১৩–১৪ বছৰৰ ভিতৰত । উক্ত ঘটনাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

আৰক্ষী সূত্রে খবৰ, এটা খালি খেলপথাৰত বোমাটো উদ্ধাৰ হৈছে । ইয়াৰে অসংখ্য লোকে যাতায়াত কৰে, খেলেও । ইয়াত ক’ৰ পৰা বোমা আহিল তাৰ পৰ্যবেক্ষণ কৰা হৈছে । সেই ঠাইত আৰু বোমা আছে নেকি তাৰো সন্ধান চলোৱা হৈছে ।

Exit mobile version