Aditya Narayan-Shweta Agarwal : অন্তঃসত্বা শ্বেতা ,পিতৃ হ’ব আদিত্য নাৰায়ণ

1643006608 new project 63

দাম্পত্যৰ এবছৰৰ সম্পূৰ্ণ পাছতেই সুসংবাদ দিলে উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণে । অতি শীঘ্ৰেই পিতৃ-মাতৃ হ’বলৈ ওলাইছে তাৰকা-দম্পতী । সোমবাৰে ইনষ্টাগ্ৰামত নিজৰ ফটো শ্বেয়াৰ কৰি এই খবৰ দিলে গায়কজনে ।

ছবিখনত, শ্বেতা গৰ্ভৱতী হোৱাৰ আভাস স্পষ্ট। ছবিখনৰ শ্বেয়াৰ কৰি আদিত্যই লিখিছে, ” অতি শীঘ্ৰেই পিতৃ-মাতৃ হ’বলৈ গৈ আছোঁ আমি।শ্বেতা আৰু মই অতি সুখী ।’

আদিত্যই কয় যে তেওঁৰ দেউতাক উদিত নাৰায়ণ আৰু মাতৃ দীপা নাৰায়ণ ঝা অতি উৎসাহিত। পৰিয়ালটোত এজন নতুন সদস্য অহাৰ কথা !ককা-আইতাৰ ভূমিকা পালন কৰিবলৈ সাজু হৈছে দুয়ো ।

কন্যাসন্তানৰ পিতৃ হ’ব বিচাৰে আদিত্য ।তেওঁৰ মতে, ছোৱালীবোৰ পিতৃৰ প্ৰতি অধিক আগ্ৰহী। আদিত্যই কয় যে তেওঁ তেওঁৰ পত্নী আৰু সন্তানক এটা সুন্দৰ জীৱন দিবলৈ যোৱা কেইমাহমানত কঠোৰ পৰিশ্ৰম কৰিছে।

Exit mobile version