গণতন্ত্ৰ দিৱসলৈ মাজত মাত্ৰ দুদিন । তাৰ আগতে, ক’ভিড নিৰ্দেশনা জাৰি কৰিলে দিল্লী আৰক্ষীয়ে । গণতন্ত্ৰ দিৱস পেৰেড ২০২২-ত অংশগ্ৰহণকাৰীসকলে দুটা ক’ভিড ভেকছিন ল’ব লাগিব আৰু ১৫ বছৰৰ তলৰ শিশুসকলক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ’ব বুলি দিল্লী আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে ।
এক টুইটযোগে দিল্লী আৰক্ষীয়ে কয় যে ২৬ জানুৱাৰীত ৰাজপথ অনুষ্ঠানত উপস্থিত থকা সকলোৱে সকলো ক’ভিড-প্ৰ’টকল অনুসৰণ কৰিব লাগিব, যেনে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখা।
তেওঁলোকক টিকাকৰণ প্ৰমাণপত্ৰ আনিবলৈও অনুৰোধ কৰা হৈছে। এইটোৱে কোৱা হৈছে যে ১৫ বছৰৰ তলৰ শিশুসকলক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ’ব।