আর্মেনিয়াৰ ৰাষ্ট্ৰপতিৰ হঠাৎ পদত্যাগ

1200x 1

আর্মেনিয়াৰ ৰাষ্ট্রপতি আর্মন চার্কিয়ানে হঠাতে পদত্যাগ কৰিলে ।আজাৰবাইজানৰ স’তে সংঘৰ্ষৰ সন্দৰ্ভত অসন্তুষ্টি প্রকাশ কৰি আর্মনে পদত্যাগৰ কথা ঘােষণা কৰিলে।

ৰাষ্ট্রপতিজনে তেওঁৰ পদত্যাগৰ কথা ঘােষণা কৰি কয় যে সংকটৰ সময়ত ফলপ্রসূ নীতি গ্রহণ কৰিবলৈ ব্যর্থ হােৱাৰ পৰিণতিত তেওঁ পদৰ পৰা ইস্তফা দিয়াৰ সিদ্ধান্ত ল’লে।

উল্লেখ্য যে আর্মনে বিগত চাৰি বছৰ ধৰি আর্মেনিয়াৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল। দীর্ঘদিন ধৰি আর্মেনিয়াই ৰাজনৈতিক সংকটৰ সন্মুখীন হৈ আহিছে আৰু দক্ষিণ-উত্তৰ পূবৰ বিবাদিত নার্গনাে কাৰাবাখ অঞ্চলক লৈ আজাৰবাইজানৰ স’তে সৃষ্টি হােৱা যুদ্ধসদৃশ পৰিস্থিতিয়ে দেশখনক শেহতীয়াভাৱে অস্থিৰ কৰি ৰাখিছে। এনে পৰিস্থিতিতে আর্মেনিয়াৰ ৰাষ্ট্ৰপতিৰ পদ ত্যাগ কৰিলে আর্মনে।

Exit mobile version