চিৰাঙৰ কাজলগাঁওত জিলা সমাজ কল্যানৰ ভূমি কেন্দ্ৰিক বিবাদ ।কাজলগাঁওত জিলা দিব্যাঙ্গ সমিতিয়ে চৰকাৰী ভাৱে পোৱা আধা বিঘা ভূমি লাভ কৰাৰ লগতে আধা বিঘা ভূমি দখল কৰি ৰাখিছিল ২০১৫ চনৰ পৰা।
কিন্ত চৰকাৰী ভাৱে দখল কৰা আধা বিঘা মাটী জিলা সমাজ কল্যান বিভাগক আৱন্টন দিয়াত অৱান ষ্টপ চেন্টাৰৰ গৃহ নিৰ্মানৰ কাম চলাই আছিল জিলা সমাজকল্যান বিষয়া সমেশ্বৰ মুচাহাৰীয়ে।
কিন্ত দিব্যাঙ্গ সকলৰ জিলা সমিতীয়ে উক্ত ভূমি এৰি নিদিয়ে যাৰ বাবে সৃষ্টী হোৱা অপ্ৰিতিকৰ পৰিস্থিতিৰ বাবে ঢালিগাঁও থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
চিৰাং জিলা দিব্যাঙ্গ সন্থাৰ সভাপতি নাৰ্ছাং বসুমতাৰী আৰু সম্পাদক জমিদাৰ ৰাভাই লগতে কেবাজনো দিব্যাঙ্গ লোকে অভিযোগ কৰি কয় চিৰাঙৰ বহুকেইজন দিব্যাঙ্গ লোকে দিব্যাঙ্গ পেঞ্চন লাভ কৰা নাই।
লগতে অভিযোগ কৰি কয় যে দিব্যাঙ্গ সকলৰ পৰা জিলা স্বাস্থ্য বিভাগ আৰু জিলা সমাজ কল্যান বিভাগত চলি থকা দালালি আৰু বিষয়াই দিব্যাঙ্গ সকলৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহৰ অভিযোগ কৰে। জিলা দিব্যাঙ্গ সকলৰ ভূমি দখল কৰা জিলা সমাজ কল্যান বিষয়াৰ বদলীৰ দাবীয়ো উত্থাপন কৰে দিব্যাঙ্গ সকলে।
ইপিনে চিৰাং জিলা সমাজ কল্যান বিষয়া সমেশ্বৰ মুচাহাৰীয়ে কয় যে চৰকাৰী ভাৱে আৱন্টন দিয়া ভূমিত চৰকাৰী কাৰ্য্যালয়ৰ কাম চলিছে ইয়াত কোনো দখলৰ প্ৰশ্ন নাহে। অৱশ্যে দিব্যাঙ্গ সকলৰ পেঞ্চনৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ কথা স্বিকাৰ কৰে বিষয়া জনে।