‘মইও এটা সময়ত NCC কেডেট আছিলোঁ ‘,জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

PM Modi 2

নতুন দিল্লীত এনচিচিৰ (NCC) অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । যুৱ কেডেটসকলক সম্বোধন কৰি তেওঁ কয় যে এসময়ত তেওঁ এনচিচি কেডেট আছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সেই সময়ৰ প্ৰশিক্ষণে আজিও তেওঁক সহায় কৰে।

তেওঁ কয়, “মই গৌৰৱান্বিত যে মই এদিন আপোনালোকৰ দৰেই এজন এনচিচি কেডেট আছিলোঁ। এনচিচিত প্ৰশিক্ষণ লোৱাৰ সময়ত মই যি শিকিছিলো সেয়াই মোক দেশৰ প্ৰতি মোৰ দায়িত্ব পালন কৰাত শক্তিশালী কৰি তুলিছে। “

স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে মহা সমাৰোহৰ অমৃত মহোৎসৱ পালনৰ কথাও কয়। “সেই একেই উৎসাহ মই এই মুহূৰ্তত কৰিয়াপ্পা খেলপথাৰত দেখিবলৈ পাওঁ। “

প্ৰতি বছৰে ২৮ জানুৱাৰীত, এনচিচিয়ে গণৰাজ্য দিৱস উপলক্ষে এই বিশেষ অনুষ্ঠানটো অনুষ্ঠিত কৰে। ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে তেওঁ সেইদিনা এনচিচি অনুষ্ঠানত উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰীয়ে শ্ৰেষ্ঠ কেডেটসকলক পদক আৰু বেটন প্ৰদান কৰিব। একেদৰে, অনুষ্ঠানটোত উপস্থিত হয় মোদী।

Exit mobile version