বিশেষ অভিযানৰ লক্ষ্য ল’লেও পৰ্যাপ্ত ৰাজহ সংগ্রহক লৈ অনিশ্চয়তা

1624475459 8175

মুখ্যমন্ত্ৰীৰ নির্দেশ মর্মে কৰ সংগ্ৰহকাৰী ৰাজ্য চৰকাৰৰ প্রতিটো বিভাগে সম্প্রতি ৰাজহ আহৰণত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে। অহা ফেব্ৰুৱাৰীত এই উদ্দেশ্যে বিশেষ অভিযানৰ প্রস্তুতি চলােৱা হৈছে। কাৰণ চলিত বিত্তীয় বর্ষৰ ছেপ্টেম্বৰলৈ যি পৰিমাণৰ কৰ সংগ্রহ হৈছে সেই হিচাপ অনুসৰি অহা মার্চলৈ ‘অভিলেখ’ গঢ়িব পৰা পৰিমাণৰ ৰাজহ চৰকাৰৰ পুঁজিত জমা নােহােৱাৰ আশংকা কৰা হৈছে।

বিত্ত বিভাগৰ তথ্য অনুসৰি বিত্তীয় বৰ্ষৰ প্রথম ছমাহত নিজা কৰ আৰু নিজা অনাকৰ ৰাজহক ধৰি ১০,০৪৩ কোটি টকা সংগ্রহ হয়। সেই হিচাপত কৰ সংগ্ৰহৰ ধাৰাৰ ভিত্তিত বছৰৰ শেষলৈ সর্বাধিক ২০,০৮৬ কোটি টকা দুয়ােটা শিতানত সংগ্রহ হ’ব পাৰে। লক্ষ্যণীয় যে যােৱা ছবছৰৰ ভিতৰত ২০১৮-১৯ তে সর্বাধিক পৰিমাণৰ কৰ আৰু অনাকৰ সংগ্রহ হৈছিল।

দুয়ােটা শিতান মিলি সংগৃহীত কৰৰ পৰিমাণ আছিল ২৪,১৪৬ কোটি টকা। ২০১৯-২০ আৰু ২০২০-২১ত সেই পৰিমাণ আছিল ২২,০৬৮ আৰু ১৯,৪৫৩ কোটি টকা; কিন্তু চলিত বিত্তীয় বৰ্ষত সংগৃহীত কৰৰ পৰিমাণে ‘অভিলেখ’ গঢ়িব লাগিব বুলি বিভাগবােৰক সতর্ক কৰি দিয়া হৈছে। প্ৰসংগক্রমে উল্লেখ্য যে এই বিত্তীয় বৰ্ষৰ প্রথম ছমাহত নিজা কৰ ৮,৬৪৯ কোটি আৰু নিজা অনাকৰ সংগ্রহ হয় ১,৩৯৪ কোটি।

আনহাতে,অসমত বিজেপি মিত্ৰজোঁট চৰকাৰ গঠনৰ প্রথম বিত্তীয় বর্ষ তথা ২০১৬-১৭ত কৰ আৰু অনাকৰ সংগ্রহ হৈছিল ১৬,৪৩৩ কোটি টকাৰ। ২০১৭-১৮ত সেই পৰিমাণ আছিল ১৭,২৮৭ কোটি টকা, ২০১৮-১৯ত আছিল ২৪,১৪৬ কোটি, ২০১৯-২০ত আছিল ২২,০৬৮ কোটি আৰু ২০২০-২১ত আছিল ১৯,৪৫০ কোটি টকা।

অহা মার্চত বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। তাৰ পূর্বে দিছপুৰত বাজেট প্রস্তুতি প্রাথমিক প্রক্রিয়া আৰম্ভ হৈছে। জমা খৰচৰ হিচাপ-নিকাচ কৰােতে ওলাইছে নিজা কৰ আৰু অনাকৰ সংগ্ৰহৰ পৰিমাণ। সংগৃহীত কৰ পৰিমাণ সবদিশৰ সুৰুঙা বন্ধ কৰি সর্বোচ্চ পৰিমাণত সংগ্ৰহৰ বাবে বিভাগে প্রস্তাৱ আগবঢ়াইছে। তাৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে কৰ সংগ্ৰহকাৰী সকলাে বিভাগক কঠোৰ নিদের্শ দিছে।

Exit mobile version