চিৰাঙৰ বিজনীত বঙালী সুৰক্ষা মঞ্চৰ প্ৰতিবাদ। শুকুৰবাৰে মৰিগাঁৱৰ মায়ং কলেজত বীৰ লাচিত সেনাই এগৰাকী বঙালী ছাত্ৰক আঠু কৰাই কানত ধৰি অপমান কৰা কাৰ্য্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বঙালী সুৰক্ষা সমিতি আৰু সুৰক্ষা মঞ্চই ।
চিৰাঙৰ বিজনী প্ৰেছ ক্লাৱত শনিবাৰে সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ সভাপতি উৎপল দে’ই এখন সংবাদমেল সম্বোধন কৰি তিব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি মায়ং কলেজত ৰাজিব চৰকাৰ নামৰ ছাত্ৰ জনক বীৰ লাচিত সেনাই আঠু কৰাই কানত ধৰি অপমান কৰা ঘটনাত জড়িত সকলক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।
অন্যথা জংগী আন্দোলন কৰিব বুলি তীব্ৰ সকীয়নি দিয়ে। আনহাতে এই ঘটনাৰ প্ৰতিবাদত সংগঠনদ্বয় বিজনী চহৰৰ নতুন বাছ আস্থানৰ সমিপত বীৰ লাচিত সেনাৰ নেতাৰ পুত্তলিকা দাহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।





























