ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ আৰম্ভণি

14a87444 1115 4faa 89b5 1a28f1acf844

আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ে। এই উপলক্ষে আজি বিদ্যালয় চৌহদত সোণালী জয়ন্তী উৎসৱৰ এক আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

ক’ভিড মহামাৰী সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতি লক্ষ ৰাখি আৰম্ভণি অনুষ্ঠানটো অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে।

কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত বন্তি প্ৰজ্বলন তথা বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰে প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাসে।

পতাকা উত্তোলন কৰি প্ৰাক্তন প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ ইতিহাসৰ বিষয়ে কিছু আলোকপাত কৰে। কেনে পৰিৱেশত স্থাপন হৈ বিদ্যালয়খনে আজিৰ সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে সেই সম্বন্ধেও তেখেতে নিজৰ ভাষণত উল্লেখ কৰে।

ক’ভিডৰ নীতি নিৰ্দেশনৰ মাজেৰে এনে অনুষ্টুপীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানটোত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে উপস্থিত থাকি শৈক্ষিক ক্ষেত্ৰখনত বিদ্যালয়খনৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।

তেখেতে বিদ্যালয়খন প্ৰতিষ্ঠাকালত জড়িত লোকসকলক স্মৰণ কৰাৰ লগতে তেখেতসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলৰ এই বিদ্যালয়খনে আজিৰ এই স্থানত উপনীত হবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে।

ইয়াৰোপৰি বিদ্যালয়খনে ওদালগুৰি অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাই থকা বুলি উল্লেখ কৰি ওদালগুৰি চহৰখনৰ শৈক্ষিক ক্ষেত্ৰত এই বিদ্যালয়খনৰ অৱদান সুকীয়া বুলিও ভাষণত উল্লেখ কৰে।

একেদৰে বিদ্যালয়খনৰ খনৰ সোণালী জয়ন্তী উৎসৱত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বসুমতাৰীয়ে। তেও ভাষণত অসম চৰকাৰ আৰু বিটিচি চৰকাৰে শৈক্ষিক ক্ষেত্ৰত বহুতো ইতিবাচক পদক্ষেপ লোৱা বুলিও মন্তব্য কৰে।

আনহাতে সোণালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ হোৱা মূল বৰ্নাঢ্য কাৰ্যসূচীটো ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হব বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসে জানিবলৈ দিয়ে।

আজি সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠানটোত বিদ্যালয়খনৰ ন-পুৰণি শিক্ষাৰ্থী তথা শিক্ষাগুৰু আৰু শুভাকাংশীসকলৰ উপস্থিতিৰে এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে।

Exit mobile version