বছৰি ১০কোটি টকা উপাৰ্জন কৰা মডেল প্ৰেমত পৰিল কাঠমিস্ত্ৰীৰ,কৰাব বিবাহো

Screen Shot 2021 01 14 at 4.15.16 PM

জীৱন সংগী নির্বাচনৰ ক্ষেত্ৰত সকলাে যুৱতীৰে পছন্দ সুকীয়া হয়। অৱশ্যে সৰহ সংখ্যক যুৱতীয়ে তেওঁৰ জীৱন সংগীজন আর্থিকভাৱে সবল হােৱাটো বিচাৰে।

কিন্তু ব্রিটেইনৰ এগৰাকী মডেলে জীৱনসংগী হিচাপে নির্বাচন কৰিলে এজন কাঠমিস্ত্রিক। বছৰি ১০ কোটি টকা উপার্জন কৰা ব্রিটিছ মডেল ব’নী লকেট আকর্ষিত হৈছিল এজন কাঠমিস্ত্রি প্রতি আৰু বিগত নবছৰ ধৰি তেওঁ কাঠমিস্ত্ৰিৰ স’তে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে।

‘দ্য মিৰৰ’ৰ বাতৰি অনুসৰি, ‘অনলি ফেনছ’ৰ মডেল ব’নীয়ে ইংলণ্ডৰ লংকেশ্বয়াৰত বাস কৰে। ‘অনলি ফেনচ’ত ব’নীৰ যথেষ্ট সংখ্যক অনুৰাগী আছে আৰু ইয়াৰ জৰিয়তে তেওঁ প্রতি মাহে যথেষ্ট ধন উপার্জন কৰি আহিছে।

প্রতি মাহত ছাইটটোৱে ব’নীক তেওঁৰ ভিডিঅ’ আৰু ফটোৰ ছাবস্ক্রিপচনৰ আধাৰত পৰিশ্ৰমিক আদায় দিয়ে। অনলাইনত এগৰাকী বিশ্বখ্যাত মডেল হােৱাৰ পাছতাে ব’নীৰ প্রিয় হ’ল সাধাৰণ অখ্যাত পুৰুষ।

‘অনলি ফেনছ’ত অনুৰাগী সকলে ব’নীক তেওঁৰ প্রিয় পুৰুষৰ প্ৰসংগত প্রশ্ন কৰাত তেওঁ কয় যে বিগত ন বছৰ ধৰি তেওঁৰ এজন যুৱকৰ স’তে প্ৰেমৰ সম্পৰ্কত আছে আৰু উক্ত যুৱকে কাঠমিস্ত্রিৰ কাম কৰে।’

তেওঁক মই পছন্দ কৰাে কিয়নাে তেওঁ একদম মই বিচৰা পুৰুষজনৰ দৰে, যি প্রয়ােজনত ঘৰৰ সকলাে কামাে কৰিব পাৰে। তদুপৰি তেওঁ এজন ওখ-পাখ সুন্দৰ পুৰুষ। প্রকৃততে তেওঁ হৈছে মই মনেৰে বিচৰা পুৰুষজন।

ব’নীয়ে এইদৰে কয়। উল্লেখ্য, কোটিপতি ব’নী এগৰাকী কণ্ঠশিল্পীও আৰু তেওঁ অভিনয়তাে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। কিন্তু জীৱিকাৰ বাবে ব’নী সম্প্রতি ‘অনলি ফেছ’ ছাইটত মডেল হিচাপে ব্যস্ত হৈছে।

Exit mobile version