ছালাডৰ পৰা হালৱালৈকে, গাজৰেৰে তৈয়াৰ কৰা সুস্বাদু ব্যঞ্জনৰ কোনো অন্ত নাই। সোৱাদ আৰু স্বাস্থ্যৰ এনে এক অনন্য সংমিশ্ৰণ খুব কম খাদ্যত পোৱা যায়।
চকু ভাল ৰখাৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধ, পটাছিয়াম, কেলচিয়াম আৰু কাৰ্বোহাইড্ৰেট সমৃদ্ধ গাজৰৰ উপকাৰী গুণাগুণৰো কোনো অন্ত নাই।
কি কি ধৰণে শৰীৰৰ যত্ন লৈ গাজৰে
(১) গাজৰত বিটা-কেৰোটিন নামৰ উপাদান থাকে। বিভিন্ন কেৰোটিনইড আৰু ভিটামিন এ-য়ে চকুৰ কোষবোৰ ভালে ৰখাত সহায় কৰে।
(২) গাজৰত কেলৰি কম, কিন্তু সেইবোৰত ফাইবাৰ অধিক থাকে। ফলস্বৰূপে, শৰীৰত কম কেলৰি প্ৰৱেশ কৰিলেও, গাজৰ খাই পেট সোনকালে ভৰ্তি হয়। যিসকল অলপ সময়ৰ ভিতৰতে ভোক লাগে তেওঁলোকৰ বাবে এইটো এটা ভাল বিকল্প।
(৩) গাজৰত প্ৰচুৰ পৰিমাণে ফাইবাৰে থাকে । ফাইবাৰে পেট ভালে ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্য আঁতৰ কৰে। পাচন তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত গাজৰও অতি উপযোগী।