বিৰোধিতা নকৰি সকলোকে টিকা ল’বলৈ আহ্বান মার্কিন বিশেষজ্ঞৰ

booster dose op d

প্রতিষেধক বাধ্যতামূলক কৰাৰ বিৰুদ্ধে কানাডাত একাংশ লােকে ব্যাপক প্রতিবাদ অব্যাহত ৰখাৰ সময়তে আমেৰিকাৰ মেৰীলেণ্ড ইউনিভাৰছিটিৰ বিশেষজ্ঞ ফাহিম ইউনুছে সকলােকে বিৰােধিতা অবিহনে ক’ভিড প্রতিষেধক গ্রহণ কৰিবলৈ পৰামর্শ দিলে।

ইউনিছে কয়, ‘এই কথা প্রমাণিত হৈছে যে ক’ভিডৰ সংক্ৰমণ অপ্রতিৰােধ্য, কিন্তু টিকাকৰণৰ জৰিয়তে সংক্রমণৰ গতি হ্রাস কৰা সম্ভৱ। সময়ৰ লগে লগে ক’ভিডৰ চিকিৎসা পদ্ধতিও উন্নত হ’ব।

প্রতিষেধক কার্যকাৰিতাও বৃদ্ধি পাব।আমি যেতিয়ালৈকে প্রতিষেধক গ্রহণ কৰিম, উন্নতমানৰ মাস্ক পৰিধান কৰিম, তেতিয়ালৈকে ক’ভিডৰ স’তে যুঁজ দি জীয়াই থাকিব পাৰিম।

এইদৰে আমি চিকিৎসালয়ত ভর্তি বা মৃত্যু হােৱাৰ পৰা ৰক্ষা লাভ কৰিব পাৰিম। ‘কানাডাত একাংশ লােকে চৰকাৰৰ ক’ভিড বিধিৰ বিৰুদ্ধে অব্যাহত থকা প্রতিবাদ প্রত্যাহাৰ কৰিবলৈ পৰামর্শ দি ইউনুছে কয় যে কৰ’না প্ৰতিৰােধৰ ক্ষেত্ৰত ক’ভিড বিধি মানি চলা আৰু টিকাকৰণ অত্যন্ত জৰুৰী।

টুইট কৰি মার্কিন স্বাস্থ্য বিশেষজ্ঞজনে কয়, ‘অভিযােগ কৰাৰ জৰিয়তে কোনাে সুফল লাভ কৰিব নােৱাৰি। বৰঞ্চ কৰ’না বিধিক সন্মান জনালে আমাৰ উপকাৰ হ’ব।’

Exit mobile version