Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চুবুৰীয়া দেশ চীনত সামৰিক আদালতৰ ঐতিহাসিক ৰায়দান। ৰঙাচীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে আৰু লী চাংফুক দুৰ্নীতিৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। অৱশ্যে তেওঁলোকৰ ফাঁচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। বৃহস্পতিবাৰে বিয়লিৰ ভাগত ছিনহুয়া নিউজ এজেন্সীৰ বিবৃতি অনুসৰি সামৰিক আদালতে ৱেইক উৎকোচ গ্ৰহণ কৰাৰ বাবে দোষী সাব্যস্ত কৰাৰ বিপৰীতে লীক উৎকোচ গ্ৰহণ আৰু দিয়া দুয়োটাৰে দোষী সাব্যস্ত কৰা হৈছে। বিবৃতিটোত কিমান পৰিমাণৰ উৎকোচৰ কথা উল্লেখ কৰা হোৱা নাই।
#মৃত্যুৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰা হ’ব
চাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিবৃতিটোত কোৱা হৈছে যে দুয়োজন অপসাৰিত প্ৰতিৰক্ষা মন্ত্ৰী মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে আৰু দুবছৰৰ বাবে ৰেহাই দিয়া হৈছে৷একেদৰে আজীৱন ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷তদুপৰি তেওঁলোকৰ সকলো ব্যক্তিগত সম্পত্তি জব্দ কৰা হৈছে। বিবৃতিটোত আৰু কোৱা হৈছে যে দুবছৰৰ ৰেহাইৰ পিছত তেওঁলোকৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হ’ব আৰু ইয়াৰ কোনো শাস্তি হ্ৰাস বা পেৰ’লৰ সম্ভাৱনা নাথাকিব।
#ৰাষ্ট্ৰপতি জিনপিঙৰ দুৰ্নীতি বিৰোধী অভিযানত কঠোৰতম শাস্তি
২০১২ চনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰাৰ পিছত জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ মাজত এই শাস্তি আটাইতকৈ কঠোৰ হোৱাৰ ইংগিত দিছিল ।২০২৩ বৰ্ষৰ মাৰ্চৰ পৰা অক্টোবৰলৈকে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল লীয়ে।তেওঁ চীনৰ আটাইতকৈ কম সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী। এই পদত তেওঁৰ পূৰ্বে ৱেইয়ে ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।২০২৪ চনৰ জুন মাহত বেইজিঙে ৱেই আৰু লী দুয়োৰে বিৰুদ্ধে দুৰ্নীতি তদন্তৰ কথা ঘোষণা কৰিছিল আৰু দলটোৰ পলিটব্যুৰোৰ সিদ্ধান্তৰ পিছত কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
#ৱেইৰ বিৰুদ্ধে কমিউনিষ্ট পাৰ্টিক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উদ্থাপিত হৈছিল
অভিযোগ অনুসৰি ৰাষ্ট্ৰপতি ছি জিনপিঙৰ দুৰ্নীতি বিৰোধী অভিযানৰ সময়ত ৱেই একমাত্ৰ শীৰ্ষ চীনা জেনেৰেল হিচাপে পৰিগণিত হৈছিল যাক “ঝংচেং শ্বি জি” বা “অবিশ্বাসী হোৱা আৰু নিজৰ সততা হেৰুৱাই পেলোৱা” বুলি অভিহিত কৰা হৈছিল। চীনৰ কমিউনিষ্ট পাৰ্টিক বিশ্বাসঘাতকতা কৰা বা কোনো শত্ৰু শক্তিৰ দ্বাৰা প্ৰভাৱিত হোৱাটো কঠোৰ শাস্তি দিয়াৰ বিধান আছে ৷





























