দুৰাৰোগ্য ৰোগত আক্ৰান্ত বাগসাৰ বাঁহবাৰীৰ এটি দহ বছৰীয়া শিশু

2d7bfdda d090 412c bba2 f4b1d7b466de

বাগসাৰ শালবাৰীৰ বাঁহবাৰীৰ এটি দহ বছৰীয়া শিশু৷ শালবাৰীৰ বাঁহবাৰীৰ তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ বাগিছাৰ মাংগৰা লাইনৰ বাসিন্দা চেবেয়ান টপ্নো আৰু মাধীম টপ্নোৰ একমাত্ৰ পুত্ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত আশীষ টপ্নো নামৰ কণমানি দহ বছৰীয়া শিশুটি জন্মৰেপৰা থেলাসেমিয়া নামৰ এক জটিল ৰোগত আক্ৰান্ত৷

পৰিয়ালৰ লোকে নিজৰ গাঁঠিৰ ধন ভাঙি একমাত্ৰ পুত্ৰ সুস্থ হৈ উঠক বুলি বিভিন্ন চিকিৎসালয়ত চিকিৎসা আগবঢ়াই আহিছে যদিও এতিয়া চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি উপায়ন্তৰ হৈ পৰিছে শিশুটিৰ পৰিয়াল৷

শিশুটোৰ পিতৃ মাতৃ দুয়ো চাহ শ্ৰমিক হিচাপে সমীপতে থকা ফাতেমাবাদ চাহ বাগিছাত দিনমজুৰি কৰি যি অলপ অচৰপ টকা পায় সেই টকাৰে পৰিয়াল চলোৱাৰ লগতে পুত্ৰৰ চিকিৎসাৰ নামত বছৰ বছৰ ধৰি খৰচ কৰি আহিছে যদিও বৰ্তমানৰ মূল্যবৃদ্ধিৰ বাবে পুত্ৰৰ চিকিৎসা কৰাটো দূৰৈৰে কথা এতিয়া যেন পৰিয়াল চলাবলৈও হাতত ধনে নোজোৰা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ৷

শিশুটোৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালটোৰ বাবে প্ৰয়োজন ব্যয়বহুল ধনৰ৷ বিগত সময়ছোৱাত পৰিয়ালৰ লোকে শিশুটিৰ পাৰ্যমানে চিকিৎসা কৰি আহিছিল যদিও চিকিৎসকে পৰামৰ্শ দিছিল শিশুটিৰ দেহত প্ৰতিমাহে তেজৰ যোগান ধৰিবলৈ৷

কিন্তু এসাজ খালে এসাজ খাবলৈ চিন্তা কৰিবলগীয়া হোৱা পৰিয়ালটোৱে আজি কেবামাহ ধৰি আৰ্থিক দৈন্যতাৰ বাবে শিশুটিক যোগান ধৰিব পৰা নাই তেজৰ৷যাৰবাবে এতিয়া শিশুটিৰ দেহৰ বৰণত পৰিস্ফুট হৈ উঠিছে তেজৰ অভাৱৰ লক্ষণ৷

কোনো সদাশয় লোকৰ লগতে চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দুখীয়া নিছলা পৰিয়ালটোৰ মাতৃৰ আহ্বান অলপ সহায় কৰি শিশুটিক যেন সুস্থ কৰি তোলে৷ শিশুটিৰ মাতৃ মাধীম টপ্নোই সংবাদ মাধ্যমৰ জৰিয়তে নিজ পুত্ৰক জীয়াই ৰাখিবলৈ মুখ্যমন্ত্ৰীক কৰযোৰে প্ৰাৰ্থনা জনায়৷

এইক্ষেত্ৰত কোনোৱে শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে সাহায্য আগবঢ়াব বিচাৰিলে শিশুটিৰ পিতৃ চেবেয়ান টপ্নোৰ ষ্টেট বেংক একাউণ্ট নম্বৰ 36307456721, IFSC কোড SBIN0017203 নম্বৰৰ জৰিয়তে সহায় আগবঢ়োৱাৰ উপৰিও প্ৰয়োজনত 9957486479 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালটোৱে জানিবলৈ দিছে৷

ইফালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তথা ফাতেমাবাদ চাহ বাগিছাৰ স্থায়ী বাসিন্দা মানছুখ ছানখাড়িকায়ো শিশুটিৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে৷

Exit mobile version