বোকাজানত পুনৰ বৃহৎ পৰিমাণৰ হেৰইন জব্দ

আটক মহিলাসহ দুই সৰৱৰাহকাৰী

772d604e 2aa2 459f 8cc4 0346dbb07e1d 1

বোকাজান আৰক্ষীয়ে আজি পুৱাতে এক বিশেষ সুত্ৰৰ পম খেদি ভাৰতীয় ষ্টেট বেংক বোকাজান শাখাৰ সমুখৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰইন জব্দ কৰে ৷

নগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন নম্বৰপ্লেট বিহীন ৱাগনআৰ গাড়ীৰ পৰা ৫১টা চাবোনৰ বাকচত ভৰাই আনিছিল ৬৬০ গ্ৰাম ওজনৰ হেৰইনখিনি ৷

আৰক্ষীয়ে গাড়ীখনত অহা দুই পুৰুষ মহিলা সৰৱৰাহকাৰী ক্ৰমে ডিমাপুৰ চুমকিডিমাৰ আচুখ’ আৰু এছ.শীলাক আটক কৰে ৷

উল্লেখযোগ্য যে আচুখ’ নামৰ ড্ৰাগছ সাৱৰাহকাৰীটোৱে অলপতে বোকাজানত আৰক্ষীৰ হাতত আটক হোৱা ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক ড্ৰাগছৰ যোগান ধৰি আহিছিল ৷

Exit mobile version