সাত ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব আইচিএছচি আৰু আইএছচি বৰ্ড পৰীক্ষাৰ প্ৰথম ছেমিষ্টাৰৰ ফলাফল

1627027419 icse

প্ৰকাশ হ’ব আইচিএছচি আৰু আইএছচি বোৰ্ড পৰীক্ষাৰ প্ৰথম ছেমিষ্টাৰৰ ফলাফল । দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰাৰ্থীৰ ফলাফল ফেব্ৰুৱাৰী সাত তাৰিখে অৰ্থাৎ সোমবাৰে প্ৰকাশ কৰা হ’ব।

পুৱা ১০ বজাত প্ৰকাশ কৰা হ’ব ফলাফল । এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিলে পৰিচালনা সমিতি ‘কাউন্সিল ফৰ দা ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এগজামিনেচন ‘য়ে ।

নিৰ্দেশনাসমূহ সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ ফলাফল পৰিষদৰ কেৰিয়াৰ পৰ্টেল আৰু ৱেবছাইটত প্ৰকাশ কৰা হ’ব। ইয়াৰ উপৰিও, এই ফলাফলএছএমএছ-ৰ জৰিয়তেও জানিব পাৰিব।

নিৰ্দেশনাৱলীত কোৱা হৈছে যে বিদ্যালয়সমূহে পৰিষদৰ কেৰিয়াৰ পৰ্টেললৈ গৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ফলাফলচাব পাৰে।

পৰীক্ষাৰ্থীৰ পৰিষদৰ ৱেবচাইটৰ website-www.cisce.org ৰ পৰা নিজৰ অনন্য পৰিচয় পত্ৰ ইনডেক্স নম্বৰ স’তে নিজৰ ফলাফল চাব পৰিব।

এছ.এম.এছ.-ৰ জৰিয়তে ফলাফল জানিবলৈ, প্ৰাৰ্থীসকলে আই.চি.এছ.চি.-আই.এছ.চি. লিখিব লাগিব আৰু ইয়াৰ কাষত থকা অনন্য আই.ডি. লিখিব লাগিব আৰু ইয়াক ০৯২৮০৮২৮৮৩ নম্বৰত প্ৰেৰণ কৰিব লাগিব।

যদি পৰীক্ষাৰ্থী এজনে তেওঁলোকৰ নিজৰ ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে পুনৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰে। এই এপ্লিকেচনটো অনলাইন কৰিব পাৰি। অৱশ্যে, ফলাফলৰ তিনি দিনৰ ভিতৰত আবেদন কৰিব লাগিব। আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১০ ফেব্ৰুৱাৰী।

Exit mobile version