যাক ভিক্ষাৰী ভাবি আপুনি খুচুৰা পইচা দিলে,পাছত জানিব পাৰিলে সেই ব্যক্তিজন আপোনাতকৈও ধনী ! বিষয়টো নিশ্চয় আশ্চৰ্যজনক । শেহতীয়াকৈ মধ্যপ্ৰদেশৰ খাণ্ডৱাত সন্ধান পোৱা গ’ল এনে এগৰাকী মহিলাৰ ।
খাণ্ডৱাৰ কোতৱালী আৰক্ষী থানাৰ ওচৰতে বহিছিল মহিলাগৰাকী । কেঁকুৰা কেঁকুৰী চুলি গাত ফটা কাপোৰ। পোৱা হ’লেই তেওঁ ৰাস্তালৈ ওলাই যায় ভিক্ষা খুজিবলৈ।
কিছুমানে হয়তো দিয়ে, কিছুমানে আঁতৰি যায়। তেওঁ গোটেই দিনটো এনেদৰে ভিক্ষা কৰি পুনৰ আৰক্ষী থানাৰ ওচৰত অব্যৱহৃত ট্ৰেকাৰৰ তলত বিচনা এখন পাৰি শুই পৰে।
তথ্য অনুসৰি মহিলাগৰাকীৰ নাম শীলা যোশী। তেওঁ আছিল খান্দৱাৰ বিএছএনএলৰ এজন জ্যেষ্ঠ কৰ্মচাৰী । ২০০৫ চনত অৱসৰ গ্ৰহণ কৰিছিল।
কিন্তু কেনেদৰে হ’ল তেওঁৰ এই অৱস্থা ? শেহতীয়াকৈ, মহিলাগৰাকীৰ পুত্ৰ অৰবিন্দ তেওঁৰ মাতৃক বিচাৰি খাণ্ডৱালৈ আহিছিল। তেওঁ কয় যে তেওঁৰ মাক মানসিক ভাৰসাম্য হেৰুৱাইছে। উল্লেখ যোগ্য যে মহিলাগৰাকীৰ বেংক একাউণ্টত আছে সাত লাখতকৈও অধিক টকা আছে। ইয়াৰ উপৰিও মহিলাগৰাকীৰ আছে বহু সম্পত্তি।






























