ধূপকাঠি-চাউলৰ পাছত এইবাৰ ৰেস্তোৰাঁৰ ব্যৱসায় লালুপুত্ৰৰ

03 10 2020 tejpratap yadav 20829624

আৰ জে ডিৰ মুৰব্বী লালুপ্রসাদ যাদৱৰ জ্যেষ্ঠ পুত্র তেজপ্রতাপ যাদৱে এইবাৰ ৰেস্তোৰাঁৰ ব্যৱসায় আৰম্ভ কৰিব।

পূর্বে ধূপকাঠি আৰু চাউলৰ ব্যৱসায় কৰা তেজপ্রতাপে পিতৃৰ নামৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে।

তেজপ্রতাপে এটা নিউজ প’ৰ্টেলৰ আগত প্ৰকাশ কৰা অনুসৰি এইবাৰ তেওঁ ‘লালু কী ৰছুই’ নামৰে অৰ্গেনিক ৰেস্তোৰাঁৰ ব্যৱসায় আৰম্ভ কৰিব।

এই ৰেস্তোৰাঁৰ সমগ্র ভাৰততে শাখা মুকলি কৰা হ’ব। আৰম্ভণিতে লালুপুত্রই মুম্বাইত প্ৰথমখন ‘লালু কী ৰছুই’ আৰম্ভ কৰিব আৰু ইয়াৰ পাছত দেশৰ আন চহৰত শাখা মুকলি কৰিব।

Exit mobile version