নিজৰ নীতিৰ পৰা আঁতৰি যাবলৈ অনিচ্ছুক চীন । ভিয়েটনামৰ সীমান্তৰ ওচৰৰ এখন চহৰত বিগত তিনি দিন মুঠ ৭০ জন কৰ’না আক্ৰান্ত লোক ধৰা পৰাত ‘বন্দী’ কৰা হৈছে চহৰখনৰ ৩৫ লাখ বাসিন্দাক ।
বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু বৃহৎ অৰ্থনীতিবোৰৰ ভিতৰত, চীন হৈছে একমাত্ৰ দেশ যি এতিয়াও কৰ’না-শূন্য নীতিৰ পৰা আঁতৰি যাবলৈ অনিচ্ছুক। ইউৰোপ আৰু আমেৰিকাই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোক ক’ভিডৰ স’তেই থাকিব লাগিব।
অৱশ্যে চীনে কোনো চহৰৰ কেইজনমান লোকৰ ক’ভিডত আক্ৰান্ত হোৱাৰ লগে লগেই সমগ্ৰ চহৰখনগৃহবন্দী কৰি ৰাখিছে। কেৱল সেয়াই নহয়, শেহতীয়াকৈ দৃশ্যটো পোহৰলৈ আহিছে যে চীনে এটা ক’ভিড-কেম্প তৈয়াৰ কৰিছে।
কৰ’না সংক্ৰমিত ব্যক্তি এজনৰ সংস্পৰ্শলৈ অহাৰ লগে লগেই, বা তেওঁৰ ওচৰলৈ আহিলেও, তেওঁক দুই বা তিনি সপ্তাহৰ বাবে শিবিৰত ৰখা হৈছে।
আজি চীনৰ দৈনিক সংক্ৰমণ মাত্ৰ ৭৯। ইয়াৰ ভিতৰত, ৩৭ জন গুয়াংছি অঞ্চলৰ । দেশৰ কৰ’না-শূণ্য নীতি অনুসৰণ কৰি, আজিৰ পৰা তাত তলাবন্ধ আৰম্ভ হৈছে।
মহানগৰখনৰ প্ৰশাসনৰ মতে, গৃহবন্দী হৈ থাকিবই লাগিব , বৰ্তমানৰ বাবে, কোনেও চহৰ এৰি ক’লৈও যাব নোৱাৰিব। যান-বাহন ব্যৱস্থাও নিৰীক্ষণ কৰা হৈছে। বাহিৰৰ পৰা কোনেও চহৰখনত প্ৰৱেশ কৰিব নোৱাৰাটো নিশ্চিত কৰিবলৈ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।
চহৰখনৰ উপ-মেয়ৰ গু জুনিয়ানে কয় ,”কোনো অপ্ৰয়োজনীয় চলাচল সহ্য কৰা নহ’ব। ”
বেছ চহৰৰ ভিতৰত বহুতো সৰু কাউণ্টি, গ্ৰাম্য অঞ্চল আছে। অঞ্চলবোৰ কঠোৰ নিয়মৰ অধীনত সীমাবদ্ধ কৰা হৈছে। শুক্ৰবাৰে বেছত প্ৰথম স্থানীয় সংক্ৰমণ ধৰা পৰিছিল।
তেতিয়াৰ পৰাই বাঢ়িছে উদ্বেগ। ক’ভিডত আক্ৰান্ত হোৱা ব্যক্তিজন এসপ্তাহজোৰা চীনা নৱবৰ্ষৰ বন্ধৰ পাছত ঘৰলৈ উভতি আহিছিল। ঘূৰি অহাৰ পাছত সংক্ৰমণ ধৰা পৰে ।
বিগত দুটা বছৰ ধৰি, চীনে দেশবাসীক তলাবন্ধ, গণহাৰত কৰ’না-পৰীক্ষা, দূৰত্ববিধি, মাস্ক পৰিধানৰ দৰে নিয়মৰ স’তে বান্ধি ৰাখিছে। যদি কম সংখ্যক লোক কৰ’না ধৰা পৰে, চৰকাৰে ইয়াক মচি পেলাবলৈ সংকল্পবদ্ধ।
আনহাতে, কৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰাই সমগ্ৰ হংকঙত কঠোৰ ক’ভিড নিয়ম প্ৰচলিত হৈ আহিছে। বৰ্তমান, ৯০% বিমান বন্ধ কৰা হৈছে। লগতে ছয় বজাৰ পৰা বন্ধ কৰা হৈছে ৰেষ্টুৰেণ্ট। জিম, পাৰ্ক বন্ধ। বেছিভাগ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰি আছে। তথাপিও যোৱা মাহৰ পৰা, তাত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ আছে।
সোমবাৰে, হংকঙত ৬১০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । এই পৰিস্থিতিত, প্ৰশাসনৰ কঠোৰ ক’ভিড নিয়মৰ ওপৰত আঙুলি তোলা হৈছে। এনে কঠোৰ নিয়ম অনুসৰণ কৰা স্বত্বেও, তাত সংক্ৰমণ কেনেদৰে বৃদ্ধি পাইছে তাক লৈ এতিয়া বিশেষজ্ঞসকলে প্ৰশ্ন কৰিছে।