অধিকাংশ মুখ্য ৰাজনৈতিক দলে সদনৰ অধিবেশন বহিষ্কাৰ কৰাৰ পাছত ইৰাকৰ সংসদে দেশখনৰ ৰাষ্ট্রপতি নির্বাচন অনির্দিষ্টকাললৈ স্থগিত ঘােষণা কৰিলে।
ADVERTISEMENT
পূর্ব নির্ধাৰিত সূচী অনুসৰি দেশখনত সােমবাৰে ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হােৱাৰ কথা আছিল। কিন্তু সংসদত প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলসমূহে অধিবেশন বর্জন কৰাত সংসদে অনির্দিষ্টকাললৈ ভােটগ্রহণ স্থগিত ঘােষণা কৰিলে।
চাৰিমাহ পূর্বে ইৰাকত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল যদিও সেই সময়ৰ পৰা দেশখনত প্রধানমন্ত্রীৰ নিযুক্তি হােৱা নাই।






























