প্ৰৱঞ্চকৰ বিৰুদ্ধে শিমলা আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ এজন

প্ৰৱঞ্চকৰ বিৰুদ্ধে জলপাইগুৰিত বাগসাৰ শালবাৰীৰ শিমলা আৰক্ষীৰ অভিযান৷ অভিযানত জলপাইগুৰিৰ মইনাগুৰিৰ পৰা আটক কৰা হয় সঞ্জয় মহাতো নামৰ এজন প্ৰৱঞ্চক৷

উল্লেখ্য যে শালবাৰীৰ শিমলাৰ পৰা ধৃত সঞ্জয় মহাতোৱে প্ৰায় এসপ্তাহ পূৰ্বে এখন বলেৰ’ গাড়ীৰে প্ৰায় দুই লক্ষাধিক টকাৰ কমলা টেঙা কঢ়িয়াই নিছিল কলকাতাৰ মেচোৱা বজাৰলৈ৷

সঞ্জয় মহাতো নামৰ প্ৰৱঞ্চকজনে মেচোৱা বজাৰলৈ নিয়াৰ বিপৰীতে ৰহস্যজনক ভাৱে অন্য স্থানলৈ কমলা টেঙা ভৰ্তি গাড়ীখন লৈ যায়৷

এসপ্তাহ ধৰি কমলা টেঙা ভৰ্তি গাড়ীখনৰ সন্ধান নোপোৱাত কলকাতাৰ কমলা টেঙাৰ ব্যৱসায়ী আব্দুল আহাদ যমদাৰে শিমলা থানাত এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰৰ ভিত্তিত শিমলা আৰক্ষীয়ে অভিযান চলাই জলপাইগুৰিৰ মইনাগুৰিৰ পৰা টেঙা ভৰ্তি গাড়ীৰ চালক তথা প্ৰৱঞ্চক সঞ্জয় মহাতোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰাৰ লগতে টেঙা ভৰ্তি AS-WB-37-E-0617 নম্বৰৰ বলেৰ’খনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে গাড়ীখনত থকা দুই লক্ষাধিক টকাৰ কমলা টেঙা ক’ত আছে বা আন ক’ৰবাত বিক্ৰী কৰিছে নেকি এতিয়াও প্ৰৱঞ্চকটোৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই৷অৱশ্যে শিমলা আৰক্ষীৰ জেৰাতহে পোহৰলৈ আহিব সকলো তথ্য৷

Exit mobile version