৩০ বছৰ ধৰি গাওঁখনত প্ৰৱেশ কৰে নাই কোনো পুৰুষে । যদিও গৰ্ভৱতী হৈ আছে গাঁওখনৰ মহিলা ! বিষয়টো অবিশ্বাস্য যেন লাগিলেও, কিন্তু আফ্ৰিকাৰ এখন গাওঁত এনে ধৰণৰ ঘটনা ঘটি আছে।
গাওঁখনৰ নাম উমোজা। দক্ষিণ আফ্ৰিকাৰ ঘন অৰণ্যত গঢ়ি উঠা এই গাঁওখনত কেৱল মহিলাই বাস কৰে। গাওঁখনত আছে প্ৰায় ২৫০ গৰাকী মহিলা ।
১৯৯০ চনত, ১৫ গৰাকী মহিলাই গঢ়ি তুলিছিল এই গাঁওখন। ব্ৰিটিছ সেনাই এই ১৫ গৰাকী মহিলাক ধৰ্ষণ আৰু শাৰীৰিক ভাৱে অত্যাচাৰ কৰাৰ অভিযোগ ।
তেতিয়াৰ পৰাই এই মহিলাসকলৰ মনত পুৰুষৰ প্ৰতি ঘৃণা বৃদ্ধি পাইছে। ঘন জংঘলৰ মাজত এখন গাওঁ গঢ়ি তুলিছিল মহিলাকেইগৰাকীয়ে। তাত নিৰ্যাতিত মহিলাসকলক ঠাই দিয়া হয়। একে সময়তে গাঁওখনত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ।
যেতিয়া পুৰুষসকলক কোনো ধৰণে গাঁওখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়, মহিলাসকলে কেনেকৈ গৰ্ভৱতী হ’ব পাৰে? এই প্ৰশ্নটো স্বাভাৱিকতে আহিব।
এইটো কোনো চমৎকাৰ নহয় । যদিও পুৰুষৰ প্ৰৱেশ নিষিদ্ধ, বহুতো পুৰুষে নিশা গোপনে এই গাওঁখনত প্ৰৱেশ কৰে। মহিলাসকলে তেওঁলোকৰ পচন্দৰ লোকসকলৰ স’তে শাৰীৰিক সম্পৰ্ক গঢ়ে ।
গৰ্ভৱতী হোৱাৰ পাছত, পুৰুষজনৰ স’তে তেওঁলোকৰ আৰু কোনো সম্পৰ্ক নাথাকে । মহিলাসকলে সন্তান জন্ম দিয়ে আৰু তেওঁলোকক নিজে ডাঙৰ-ডাঙৰ কৰে।