ক্রিপ্টকাৰেন্সীত নিজৰ দায়িত্বত কৰক বিনিয়োগ সতৰ্ক কৰিলে ৰিজাৰ্ভ বেংকে

2019 02 new virtual money concept gold bitcoins is digital cryptocurrency use picture id919509810

দেশত নতুন ডিজিটেল মুদ্রা প্ৰৱৰ্তন কৰিবলৈ প্রস্তুতি চলােৱা ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্রিপ্টকাৰেন্সীত বিনিয়ােগৰ সন্দৰ্ভত সতর্কবার্তা প্ৰেৰণ কৰিলে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ক্রিপ্টকাৰেন্সীত বিনিয়ােগকাৰীক সতর্ক কৰি কয় যে তেওঁলােকে ব্যক্তিগতভাৱে অনিশ্চয়তা বহন কৰি বিনিয়ােগ কৰা উচিত।

দাসৰ মতে এই ক্রিপ্টকাৰেন্সীয়ে অর্থনৈতিক আৰু আর্থিক স্থিতিশীলতাৰ ক্ষেত্ৰত অনেক সময়ত বিপদ মাতি আনিব পাৰে।

ৰিজার্ভ বেংকৰ মুৰব্বীয়ে এইদৰে কয়, ‘বেচৰকাৰী ক্রিপ্টকাৰেন্সী সকলােবােৰ একে। সেয়েহে যি নামৰেই মতা নহওক কিয় ক্রিপ্টকাৰেন্সী একে ধৰণৰ
হয়।

এই ধৰণৰ বিনিয়ােগ বা লেনদেনৰ ক্ষেত্ৰত সেয়েহে নিজে অনিশ্চয়তা আৰু শংকা বহন কৰিব লাগিব। ক্রিপ্টকাৰেন্সীত বিনিয়ােগ কৰিলে যিকোনাে মুহূর্তত বিনিয়ােগ হেৰুৱাব লগা হ’ব পাৰে।’

Exit mobile version