পাঁচমাহতে আঢ়ৈ লাখ নিবনুৱা বৃদ্ধি

unemployment 759

যি সময়ত অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্তর্ভুক্ত কৰাৰ শ্ল’’গান দিয়া হৈছে সেই সময়তে ৰাজ্যত শিক্ষিত নিবনুৱাৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পােৱাৰ তথ্য পােহৰলৈ আহিছে। চৰকাৰী তথ্য অনুসৰি, সম্প্রতি ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ২৪ লাখৰ সীমা অতিক্রম কৰিছে।

ক্ষমতাৰ ৰাজনীতি, এনকাউন্টাৰ, ছিণ্ডিকেট, চান্দা বিতর্ক আদিক লৈ সকলাে ব্যস্ত হৈ থকাৰ সময়ত যােৱা পাঁচ মাহত ৰাজ্যত নতুনকৈ দুই লাখ ৫৩ হেজাৰ যুৱক-যুৱতীৰ নাম নিবনুৱাৰ তালিকাত পঞ্জীয়নভুক্ত হৈছে বুলি ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগে সদৰী কৰিছে।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যত ২০১৮ পঞ্জীয়নভুক্ত নিৱনুৱাৰ সংখ্যা আছিল ২০,২৪,৪৪৬ জন আৰু ক’ভিডসৃষ্ট পৰিৱেশৰ পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাইছে বুলি সংশ্লিষ্ট পক্ষই সদৰী কৰিছে।

ৰিহাবাৰীস্থিত নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ৰ সূত্র অনুসৰি শেহতীয়াকৈ বছৰি দুইৰ পৰা তিনি লাখ পর্যন্ত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা। বিভিন্ন শিক্ষাগত অহর্তা সম্পন্ন এইসকল নিবনুৱাই সম্প্রতি সংস্থাপন বিচাৰি হাবাথুৰি খাবলগা হৈছে।

ফলত এই ক্ষেত্ৰত যদি চৰকাৰ তথা সংশ্লিষ্ট বিভাগে শীঘ্ৰে যথােচিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অনাগত দিনত ৰাজ্যখনক যে নিবনুৱা বিদ্রোহে গ্রাস কৰিব, সেয়া দ্রুতহাৰত বৃদ্ধি পােৱা নিবনুৱাৰ সংখ্যাই প্রকট কৰিছে।

উল্লেখ্য যে ক’ভিড-১৯ জীৱাণুৰ সংক্রমণ ৰােধ কৰিবলৈ ২০২০ৰ ২৪ মাৰ্চৰ পৰা দেশজুৰি বলৱৎ হােৱা তলাবন্ধৰ ফলত ক্ষুদ্র তথা মজলীয়া উদ্যোগ, শ্বপিং মল, হােটেল-ৰেস্তোৰাঁ নাইবা ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠানত নিজকে নিয়ােজিত কৰি জীৱিকাৰ পথ প্রশস্ত কৰা বহুজন কর্মহীন হৈ কিদৰে ৰাজ্যখন নিবনুৱাৰ কৰাল গ্রাসত পৰিছিল এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ত সবিস্তাৰে প্ৰকাশ পাইছে।

ৰাজ্যৰ বিভিন্ন প্রান্তত সংস্থাপনৰ বাট মুকলি কৰি অহা সকলৰ সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মৰত হৈ থকা বহু অসমীয়া যুৱক-যুৱতীয়ে ক’ভিড পৰিৱেশৰ ফলত অসমলৈ ঘূৰি আহিবলগীয়া হৈছিল। সংস্থাপন হেৰুৱাই দিবিদিক্‌ হেৰুৱাই পেলােৱাৰ এইসকলৰ অধিকাংশই পুনৰ সংস্থাপন বিচাৰি নিয়ােগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰাত শেহতীয়াকৈ ৰাজ্যখনত দ্রুতহাৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি পােৱা বুলি দাবী কৰিছে সংশ্লিষ্ট বিভাগে।

বিভাগৰ সূত্র অনুসৰি, ২০২১ৰ জুন পর্যন্ত ৰাজ্যৰ নিয়ােগ কেন্দ্রসমূহত সৰ্বমুঠ ২১,৫০,৮৭১ জন নিবনুৱাই প্রত্যক্ষ পঞ্জীয়ন কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ৰ ২৭ ছেপ্টম্বৰৰ পৰা চলিত ২০২২ৰ ২০ জানুৱাৰীলৈ ২,৫৩,৮০০ জনে অনলাইন পঞ্জীয়ন কৰিছে, অর্থাৎ জানুৱাৰী পর্যন্ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২৪,০৪,৬৭১ জন।

উল্লেখ্য যে এই নিবনুৱাসকলৰ শিক্ষাগত অহাৰ তথ্য বিভাগে সদৰী কৰাত ব্যর্থ হয় যদিও ২০২০ৰ ডিচেম্বৰ পর্যন্ত নিয়ােগ বিনিময় কেন্দ্ৰত ৩,৩৩,৪২৮ জন স্নাতক ডিগ্রীধাৰী নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে বুলি কয়। বিভাগে সদৰী কৰা তথ্য অনুসৰি, ২০২০ৰ ডিচেম্বৰলৈ নিয়ােগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হৈ থকা নিবনুৱাসকলৰ ভিতৰত আছে ৭,১৬,৩৬৯ জন দ্বাদশ আৰু ৫,৯৫,১৮৪জন মেট্রিক উত্তীর্ণ।

একেদৰে ১৭,৩১১ জন স্নাতকোত্তৰ, ১৬,৯১৩ জন ঔদ্যোগিক প্রশিক্ষণপ্রাপ্ত, ৯,৫২১ জন ডিপ্লমা, ৮,১৩৬ জন ইঞ্জিনীয়াৰিং, ৮৬৫জন মেডিকেল, ৩৪৫ জন পশু চিকিৎসা, ২৯৯ জন কৃষি স্নাতক ডিগ্রীধাৰী নিবনুৱা। অৱশ্যে সম্প্রতি ইয়াৰ সংখ্যা বৃদ্ধি পােৱা বুলি সম্ভাৱনা ব্যক্ত কৰিছে সংশ্লিষ্ট বিভাগে।

নিবনুৱা সমস্যাৰ এনে ভয়াৱহ ৰূপে সম্প্রতি সকলােকে চিন্তিত কৰি তুলিছে যদিও চৰকাৰী খণ্ডত নিযুক্তিৰে এই নিবনুৱা সমস্যা সমাধান কৰাটো যে অসম্ভৱ সেয়া স্পষ্ট হৈ পৰিছে। ফলত এই দিশত চৰকাৰৰ লগতে অভিভাৱকসকলৰাে বহু কৰণীয়া আছে, অন্যথা ভৱিষ্যতে যে ৰাজ্যখন এক অনাকাংক্ষিত দিশে গতি কৰিব, সেয়া স্পষ্ট হৈ পৰিছে।

Exit mobile version