ইতিমধ্যেই ৰণবীৰক বিয়া কৰালে আলিয়াই !

article l 202223713072547245000

অহা এপ্রিলত ধুমধামেৰে বিয়া হােৱাৰ কথা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ। ৰাজস্থানৰ ৰন্থম্ভোৰত অনুষ্ঠিত হােৱাৰ কথা তাৰকাদ্বয়ৰ ৰাজকীয় বিবাহকার্য।

বলিউদৰ ভিতৰচ’ৰাত এই কথাই চর্চা হৈ আহিছে। ইয়াৰ মাজতে চমক দিলে স্বয়ং আলিয়াই। মহেশ ভাটৰ কন্যাই ঘােষণা কৰিলে যে তেওঁ হেনাে ইতিমধ্যেই ৰণবীৰক বিয়া কৰাইছে।

এক সাক্ষাৎকাৰত আলিয়াই তেওঁৰ সম্ভাৱ্য বিবাহৰ প্রশ্ন উঠাৰ লগে লগে কয়, মনে মনে মােৰ ৰণবীৰৰ স’তে বিবাহ সম্পন্ন হৈছে। বহু দিনৰ পূর্বেই মই মােৰ মনতে তেওঁক বিয়া কৰাইছাে।’ উল্লেখ্য যে ৰণবীৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা ২০১৮ত প্রকাশলৈ আহে।

দুয়াে নিজে এই কথা সদৰী কৰিছিল। ছােনম কাপুৰৰ বিয়াত দুয়াে পৰস্পৰৰ হাতত ধৰি উপস্থিত আছিল। অৱশ্যে সেই সময়ত অনেক প্রশ্নৰ সন্মুখীন হৈছিল দুই তাৰকা। তেওঁলােকৰ এই সম্পর্ক কিমান দিনলৈ তিষ্ঠি থাকিব?

কাৰণ ঋষি কাপুৰৰ পুত্ৰই ইয়াৰ পূর্বে দীপিকা পাডুকন আৰু কেটৰিণা কাঈফৰ দৰে অভিনেত্রীৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি তুলিছিল যদিও সেই সম্পর্ক বেছি দিন স্থায়ী হােৱা নাছিল। অৱশেষত যেনিবা আলিয়াৰ স’তে ৰণবীৰৰ প্ৰেমৰ সম্পর্ক স্থায়ী হােৱাৰ লক্ষণ দেখা গৈছে।

বহুতে দাবী কৰিছিল যে আলিয়াৰ অৱস্থাও দীপিকা-কেটৰিণাৰ দৰেই হ’ব। অৱশ্যে তেনে সম্ভাৱনা নস্যাৎ কৰি ৰণবীৰে অলপতে জনাইছিল যে ক’ভিডে সমস্যাৰ সৃষ্টি নকৰা হ’লে তেওঁলােকে ২০২০তে বিবাহপাশত আবদ্ধ হ’লহেঁতেন। এতিয়া ক’ভিড পৰিস্থিতি কিছু উন্নত হােৱাৰ বাবেই দুয়াে বিবাহৰ পৰিকল্পনা কৰিছে। শুনা মতে, বিবাহৰ আয়ােজনে হেনাে বহুখিনি আগবাঢ়িছে। তাৰ আগতেই অৱশ্যে আলিয়াই ক’লে যে তেওঁৰ মনে ইতিমধ্যেই ৰণবীৰক বিয়া কৰাইছে।

Exit mobile version