ভাৰতীয় মূলৰ ৰিচি ছুনক হ’ব পাৰে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী

rishi 804285 1602066340

ব্রিটেইনৰ পৰৱর্তী প্রধানমন্ত্রী নিযুক্ত হ’ব পাৰে ভাৰতীয় মূলৰ ব্রিটিছ নাগৰিক ৰিচি চুনক। বর্তমানে ছুনকে ব্রিটেইনত বিত্তমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছে।

ভাৰতৰ স’তে চুনকৰ গভীৰ সম্পর্ক আছে। উল্লেখ্য যে ছুনকে ইনফ’ছিছৰ সহ প্রতিষ্ঠাপক নাৰায়ণ মূর্তি কন্যা অক্ষতাৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল।

২০১৫ত প্ৰথমবাৰলৈ ব্রিটিছ সংসদলৈ নির্বাচিত হােৱা ছুনকে ব্রেক্সিটৰ প্রতি পূর্ণ সমর্থন ব্যক্ত কৰি ট’ৰী দলত বিশেষ স্থান লাভ কৰিবলৈ সফল হৈছিল।

ছুনকে ইউৰােপীয় সংঘৰ পৰা ব্রিটেইনক বাহিৰলৈ অনাৰ বাবে ব্রিটিছৰ প্ৰধানমন্ত্রী বৰিছ জনছনে গ্ৰহণ কৰা নীতিলৈ পূর্ণ সমর্থন আগবঢ়াইছিল।

ব্রিটেইনৰ কনজাৰভেটিভ পার্টি সদস্য তথা বর্তমান প্রধানমন্ত্রী বৰিছ জনছনৰ পদত্যাগৰ দাবী দেশখনত উত্থাপিত হৈছে।

জনছনৰ পদত্যাগৰ দাবী উত্থাপন হােৱাৰ সময়তে পৰৱর্তী ব্রিটিছ প্রধানমন্ত্রী পদপ্রার্থী হিচাপে চুনকৰ নাম চর্চিত হৈছে।

ছুনকৰ পিতৃ-মাতৃ পঞ্জাৱৰ বাসিন্দা আছিল যদিও পাছত তেওঁলােকে ব্রিটেইনলৈ গৈছিল আৰু হেম্পশ্বায়াৰত ছুনকৰ জন্ম হৈছিল।

আমেৰিকাৰ ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ৰ পৰা ছুনকে এম বি এ ডিগ্ৰী আৰু অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি, দর্শন আৰু অৰ্থনীতিৰ ডিগ্ৰী লৈছিল।

Exit mobile version