এছবিআই গ্রাহকসকলৰ বাবে সুখবৰ, ফিক্সড ডিপজিটত বৃদ্ধি পাইছে সুদৰ হাৰ

SBI

ফিক্সড ডিপজিটত (Fixed Deposit) সুদৰ হাৰ বৃদ্ধি কৰিলে দেশৰ বৃহত্তম ৰাষ্ট্ৰীয় বেংক এছবিআই-য়ে । দুই বছৰৰ অধিক ম্যাদৰ ফিক্সড ডিপজিটত সুদৰ হাৰ ১০ৰ পৰা ১৫ বেচিছ পয়েন্ট বৃদ্ধি কৰা হৈছে । যোৱা ১৫ ফেব্রুৱাৰীৰ পৰা এই নতুন সুদৰ হাৰ কার্যকৰ হৈছে ।

ষ্টেট বেংকৰ তৰফৰ পৰ জনোৱা হৈছে, দুইৰ পৰা তিনি বছৰ ম্যাদি স্থায়ী জমা ৰাশিত আগতে সুদ দিয়া হৈছিল ৫.১০ শতাংশ । এইবাৰৰ পৰা এই ধৰণৰ ফিক্সড ডিপজিটত সুদ দিয়া হ’ব ৫.২০ শতাংশ । দুইৰ পৰা পাঁচ বছৰৰ টার্ম ডিপজিটত সুদৰ হাৰ বঢ়োৱা হৈছে ১৫ বেচিছ পয়েন্ট । পূৰ্বে এই ধৰণৰ জমা ৰাশিত সুদৰ হাৰ আছিল ৫.৩০ শতাংশ । এইবাৰ এই হাৰ ৫.৪৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে । ১০ বছৰৰ অধিক জমা ৰাখিৰ ক্ষেত্রত এই সুদৰ হাৰ হয় ৫.৫০ শতাংশ ।

ৰিজার্ভ বেংকৰ এই নতুন সুদৰ হাৰ কেৱল দুই কোটি টকাৰ কম ডিপজিটৰ বাবে কার্যকৰ । ছিনিয়ৰ চিটিজেন অর্থাৎ ৬০ বছৰৰ ঊৰ্ধ্বৰ নাগৰিকসকলে সকলো জমা ৰাশিতেই ৫০ বেচিছ পয়েন্টৰ অধিক সুদ লাভ কৰিব । এছবিআই সূত্রে খবৰ, বিভিন্ন প্রাইভেট বেংক আৰু ধন জমা ৰখা সংস্থাই সুদৰ হাৰ বৃদ্ধি কৰাৰ বাবে সুদ বঢ়োৱাৰ সিদ্ধান্ত লৈছে দেশৰ বৃহত্তম ৰাষ্ট্ৰীয় বেংকে ।

প্রসংগত, চলিত ত্রৈমাসিকতো ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেপো ৰেট অপৰিৱর্তিত ৰাখিছে ৰিজার্ভ বেংকে (Reserve Bank) । সম্প্ৰতি ৰিজার্ভ বেংকৰ ৰেপো ৰেট চাৰি শতাংশ আৰু ৰিভাৰ্ছ ৰেপো ৰেট (Repo Rate) আগৰ দৰেই ৩.২৫ শতাংশ । উল্লেখ্য, ৰিজার্ভ বেংকে যি হাৰত বাণিজ্যিক বেংকসমূহক ঋণ দিয়ে, সেয়া হ’ল ৰেপো ৰেট ।

আনহাতে, শীর্ষ বেংকে যি হাৰত অন্য বাণিজ্যিক বেংকৰ পৰা ঋণ লয়, ইয়াক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট । একেৰাহে বহু কেইটা ত্রৈমাসিকত ৰেপো ৰেট বৃদ্ধি নোহোৱাত এছবিআই-য়ে ফিক্সড ডিপজিটত সুদ বৃদ্ধি কৰাৰ উৎসাহ পাইছে বুলি ধাৰণা কৰা হৈছে । এই সিদ্ধান্তৰ ফলত ষ্টেট বেংকৰ লাখ লাখ গ্ৰাহকসকলে সুবিধা পাব ।

Exit mobile version