কর্নাটকত হিজাব পৰিধান কৰে শ্রেণীকক্ষত প্রৱেশাধিকাৰক লৈ বিতর্ক ইতিমধ্যে আন্তর্জাতিক স্তৰত উত্থাপিত হৈছে । আমেৰিকাসহ একাধিক দেশে এই সন্দৰ্ভত তেওঁলোকৰ মত প্রকাশ কৰিছে । তেওঁলোকৰ এই বিষয়ত মত প্রকাশৰ অধিকাৰক লৈয়ে এইবাৰ প্রশ্ন কৰিলে বৈদেশিক মন্ত্রণালয়ে । মন্ত্রণালয়ৰ দাবী, এইটো ভাৰতৰ অভ্যন্তৰীণ বিষয়, সেয়ে ইয়াত অন্য কোনোৱে মন্তব্য কৰাৰ কোনো অধিকাৰ নাই বুলি বৃহস্পতিবাৰে মন্তব্য কৰে বৈদেশিক মন্ত্রণালয়ে ।
এই সংক্রান্ত এক প্রশ্নৰ উত্তৰত বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র অৰিন্দম বাগ্চীয়ে কয়, ‘‘এইটো বৈদেশিক মন্ত্রণালয়ৰ বিষয় নহয় । একান্তই ভাৰতৰ অভ্যন্তৰীণ বিষয় । সেয়ে এই বিষয়ত অন্য দেশৰ কোনো মন্তব্য স্বাগত নহয় ।’’ এই প্রসংগত তেওঁ আৰু কয়, ‘‘আমাৰ এখন সাংবিধান আছে, বিচাৰ ব্যৱস্থা আৰু গণতান্ত্রিক নীতি আছে । এই সমস্ত ব্যৱস্থা আৰু নীতিৰ মাধ্যমত আমাৰ এই ধৰণৰ কোনো সমস্যাৰ সমাধান উলিওৱাৰ সংস্থান আছে । এই বিযয়টো বর্তমান আদালতৰ বিচাৰাধীন । কর্নাটক উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এটা গোচৰ চলি আছে । সেয়ে ভাৰতৰ অভ্যন্তৰীণ সমস্যা, সংবিধান আৰু জনগণৰ স’তে সম্পর্কিত বিষয়ত মন্তব্য কৰাৰ অধিকাৰ অন্য দেশৰ নাই ।’’
কর্নাটকত বিদ্যালয় আৰু মহাবিদ্যালয়ত ধর্মীয় পোছাক পৰিধান কৰাৰ অধিকাৰৰ বিতর্কৰ পৰিপ্রেক্ষিততেই সম্প্রতি মন্তব্য কৰে আমেৰিকা আৰু মুছলিম দেশসমূহৰ সংস্থা অর্গেনাইজেছন অৱ ইছলামিক কো-অপাৰেচনে (অ’আইচি) ।
বাগ্চীয়ে অ’আইচি-ক কঠোৰভাৱে কয়, ‘‘অ’আইচি সচিবালয়ৰ সাম্প্রদায়িক মানসিকতাই এই ঘটনাৰ বাস্তৱতাক যথাযথ উপলব্ধি কৰিব নোৱাৰিব । এই ধৰণৰ মন্তব্য ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ ঘৃণনীয় অপপ্রচাৰ ।’’






























