সমাগত গুণোৎসৱ উপলক্ষে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্ন প্ৰতিযোগিতা, নৃত্য-গীতৰ অনুষ্ঠান ৰূপায়ণ

ৰাজ্যৰ শিক্ষা বিভাগে বিগত সময়ছোৱাৰ দৰে এইবেলিও আগন্তুক মাৰ্চ-এপ্ৰিলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে প্ৰাক প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত গুণোৎসৱ পতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সজাগতা আনিবলৈ বাগসাৰ জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়কসকলে এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷

সেইমৰ্মে আজি জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ভকুৱামাৰী আৰু বুনমাজা মণ্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক সত্যজিৎ উজীৰৰ বিশেষ প্ৰচেষ্টাৰ লগতে সমল কেন্দ্ৰ দুটাৰ অন্তৰ্গত ঢেকীয়াজানী বড়ো এম ই স্কুল, ৮০ নং সাকোগুৰি এলপি স্কুল আৰু ঢেকীয়াজানী খানচাই বড়ো এলপি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল কেন্দ্ৰ সমন্বয়কসকলে ঢেকীয়াজানী বড়ো এম ই স্কুল প্ৰাংগনত ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ পঢ়া, ছবি অঁকা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এক নৃত্য-গীতৰ অনুষ্ঠানৰো আয়োজন কৰে ৷

মণ্ডল কেন্দ্ৰ সমন্বয়ক টংকেশ্বৰ পাঠকে আঁত ধৰা অনুষ্ঠানটোত আন এগৰাকী মণ্ডল কেন্দ্ৰ সমন্বয়ক ক্ৰিতাল ৰামচিয়াৰীয়ে এটি সুন্দৰ গীত পৰিবেশন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ ইয়াৰ পাছতে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়ক, গাণনিক বিষয়া বনাম ভকুৱামাৰী আৰু বুনমাজা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষকসকলৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ৷ খেলখনত মণ্ডল সমন্বয়ক, গাণনিক বিষয়াসকলৰ দলে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

ৰাতিপুৱাৰ পৰা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যক্ৰমণিকা সমূহত উপস্থিত থাকে বাগসা জিলা সৰ্বশিক্ষা অভিযানৰ জিলা শিক্ষক প্ৰশিক্ষক প্ৰণৱজ্যোতি কলিতা, বিআৰপি উমানন্দ বড়ো, স্বপন কুমাৰ ৰয় আৰু কে’বাখনো স্কুলৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

Exit mobile version