বিগত দিনৰ তুলনাত বৃহস্পতিবাৰে দেশত কৰ’না আক্রান্তৰ সংখ্যা সামান্য হ্ৰাস পালে । শুকুৰবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত কৰ’না বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৯ হেজাৰ ৯২০ জন কৰ’না ভাইৰাছত আক্রান্ত হৈছে । বুধবাৰে ৩০ হেজাৰ ৭৫৭ জন কৰ’না আক্রান্ত হয় । সম্প্ৰতি দেশত ক’ভিড আক্রান্তৰ সংখ্যা চাৰি কোটি ২৭ লাখ ৮০ হেজাৰ ২৩৫ জন ।
কেন্দ্রৰ তথ্য অনুসৰি, দেশত সুস্থতাৰ হাৰ ৯৮.১২ শতাংশ । বিগত ২৪ ঘণ্টাত ৬৬ হেজাৰ ২৫৪ জন কৰ’না মুক্ত হৈছে । লগতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৯২ জনৰ ক’ভিডত মৃত্যু হৈছে । যি বিগত দিনৰ তুলনাত অধিক । বুধবাৰে এই সংখ্যা আছিল ৫৪১ ।
আনহাতে, কৰ’নাৰ নতুন ৰূপক লৈ সমগ্ৰ বিশ্বতে শংকাৰ সৃষ্টি হৈছে । অৱশ্যে ভাইৰ’লজিষ্টসকলে আশ্বাস দিছে যে, সম্প্ৰতি ইয়াক লৈ শংকাৰ কোনো কাৰণ নাই ।