অঠিয়াবাৰীত এগৰাকী দলবদ্ধ ধৰ্ষণ, শীঘ্ৰেই অপৰাধীক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ

চিৰাঙত সভ্য সমাজক লজ্যানত কৰাৰ ঘটনা পোহৰলৈ আহিছে । তিনি পাষণ্ডই বলপুৰ্বক ভাবে দলবদ্ধ ধৰ্ষণ কৰিলে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ।

চিৰাঙৰ আঠীয়াবাৰীত সংঘটিত হৈছে এক দল বদ্ধ ধৰ্ষনৰ ঘটনা।তথ্য অনুসৰি কোকৰাঝাৰত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল নৱম শ্ৰেণীত পঢ়া ১৫ বছৰীয়া কিশোৰিগৰাকী।

কিশোৰীগৰাকী যোৱা ১৪ ফেব্ৰুৱাৰীত নিজৰ ভাতৃ আৰু ভগ্নীৰ স’তে আঠীয়াবাৰীৰ নিকটৱৰ্তি জাউলীয়াবাৰী গাঁওত অনুষ্ঠিত হোৱা আদীবাসী চাউতাল সকলৰ চিধো কানহু মেলালৈ গৈছিল ।

অনুষ্ঠানৰ পৰা ওভতি অহা সময়তে পথত লামকা মাৰ্ডী(লক্ষ্মিৰাম মাৰ্ডী)নামৰ লোকজন লগত আন দুজন লোকক লৈ বাট আগচি ধৰে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক।

কিশোৰীগৰাকীৰ স’তে থকা ভাতৃ আৰু ভগ্নিকো আক্ৰমণ কৰাত তেওঁলোকে কোনোমতে পলাবলৈ সক্ষম হয় যদিও নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক পথৰ কাষৰ এখন জংঘললৈ লৈ গৈ তিনিজনে বলপুৰ্বক ধৰ্ষণ কৰে।

ইফালে দুৰ্বৃত্তকেইজনৰ পৰা পলাই অহা কিশোৰীগৰাকীৰ ভাতৃ আৰু ভগ্নিয়ে আহি মোমায়েকক খবৰ দিয়াত মোমায়েকে ঘটনাস্থলিত গৈ ধৰ্ষণ কৰি থকা অৱস্থাত হাতেলোটে ধৰা পেলাই লামকা মাৰ্ডী(লক্ষ্মিৰাম মাৰ্ডী)ক ।

আৰু বাকী দুজন মোমায়েকক দেখিয়ে ঘটনাস্থলীৰ পৰা দৌৰি পলায়। পিছ দিনা অৰ্থাৎ ১৫ ফেব্ৰুৱাৰী মোমায়েকে গাঁওৰ গাঁওবুঢ়া আৰু অন্য লোকক মাতি ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে চিদলী থানাত গোচৰ দিয়ে।

থানাত ০৮/২২ নম্বৰৰ গোচৰ পঞ্জিয়ণ কৰিছে যদিও আজিলৈ কোনো অপৰাধীক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। শীঘ্ৰই অপৰাধীক কৰায়ত্ব কৰি শাস্থিৰ দাবী কৰিছে বিভিন্ন জনে।

Exit mobile version