দেৰগাঁৱত এগৰাকী ছাত্ৰীৰ আত্মহত্যা

দেৰগাঁৱৰ এগৰাকী ছাত্ৰীৰ মৃত্যুত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ । দেৰগাঁও একাদশ আৰক্ষী বাহিনীৰ কণিষ্টবল বীৰেন শইকীয়াৰ জীয়ৰী কৃষ্ণাক্ষী শইকীয়াই কালি নিজ গৃহত আত্মহত্যা কৰা ঘটনাৰ পাছতেই পোহৰলৈ আহিছে যৌন নিৰ্যাতনৰ কাহিনী ।

একাদশ আৰক্ষী বাহিনীয়ে এজন বিবাহিত আৰক্ষী যোৱানৰ যৌন নিৰ্যাতন আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ পাছতেই ছাত্ৰীগৰাকীয়ে ১১ পৃষ্ঠাজোৰা ছুইচাইড টোকা লিখি আত্মহত্যা কৰে । তথ্য অনুসৰি, আৰক্ষী যোৱানজনৰ নাম পল্লৱ শইকীয়া ।

আজি পুৱা উদ্ধাৰ হয় ছাত্ৰীগৰাকীয়ে লিখি থৈ যোৱা ছুইচাইড টোকা আৰু উদ্ধাৰ হয় ছাত্ৰীগৰাকীয়ে মৃত্যুৰ পূৰ্বে পল্লৱ শইকীয়াই দিয়া অশ্লীল মেছেজ । সমগ্র ঘটনা পোহৰলৈ অহাৰ পাছতেই পৰিয়ালৰ লোকে দেৰগাঁও থানাত গোচৰ তৰিছে ।

Exit mobile version