বিজেপিয়ে ভয়-ভাবুকিৰে বিপক্ষৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব বাতিল কৰাৰ ষড়যন্ত্ৰ কৰিছে : দেবব্ৰত শইকীয়া

পৌৰসভা নিৰ্বাচনত বিজেপি দলে নিৰ্দলীয় বা বিপক্ষৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকি দি প্ৰাৰ্থীত্ব বাতিল কৰাৰ ষড়যন্ত্ৰ কৰিছে । কিয়নো তেওঁলোকে প্ৰতিদ্বন্দিতাত নামিবলৈ ভয় কৰে । মাত্ৰ চৰকাৰী প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি বিপক্ষক ভয়-ভাবুকিৰে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত নামিব বিচাৰে । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

তেওঁ লগতে কয় যে বিজেপি দলে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত চকু দিয়াতকৈ নিজৰ নেতাসকলে কৰি থকা বিভিন্ন ছিণ্ডিকেট, দুৰ্নীতিৰ ওপৰত চকু দিয়ক । ৰাজ্যত নিৰ্মিয়মান অৱস্থাত থকা বহুখলপীয়া অট্টালিকাৰ নিৰ্মাণ কাৰ্যত হৈ থকা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সন্দৰ্ভত বহুতো তথ্য অতি সোনকালেই ফাদিল কৰা হ’ব ।

Exit mobile version