অৱদেশ যাদৱৰ হত্যাকাণ্ডৰ প্ৰতিবাদত বন্ধ ফাঁচী বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান

যোৱা নিশা ফাঁচী বজাৰৰ ব্যৱসায়ী অৱদেশ যাদৱক নিজ গৃহত সন্মুখতে গুলীয়াই হত্যা কৰা হয় । হত্যা কৰি পলায়ন কৰাৰ সময়ত হত্যাকাৰীয়ে এএছ-১৩ ডি-৪০৩৩ নম্বৰৰ মটৰচাইকেল এৰি থৈ যায় । যাদৱৰ হত্যাৰ সন্দেহত আৰক্ষীয়ে খাৰুপেটিয়াৰ পৰা তিনিজনক আটক কৰিছে ।

এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে । লগতে তেওঁলোকে যাদৱৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ।

Exit mobile version