৪৯ দিন পাছত দেশত দুই লাখৰ তলত নামিল মুঠ সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা । লগতে বহু তলত নামিল দেশত ক’ভিডৰ দৈনিক আক্রান্তৰ সংখ্যাও । শনিবাৰৰ তুলনাত প্রায় তিনি হেজাৰৰো কম দৈনিক আক্রান্তৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দেওবাৰে প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত ১৩ হেজাৰ ৪০৫ । সোমবাৰে যি সংখ্যা আছিল ১৬ হেজাৰ ৫১ ।
বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাল ১.৯৩ শতাংশ । দৈনিক সংক্রমণৰ শীর্ষত আছে কেৰালা । কেৰালাত শেষ ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা আঠ হেজাৰ ৯৮ জন । দৈনিক সংক্রমণৰ নিৰিখত ইয়াৰ পাছতেই আছে মহাৰাষ্ট্র । অৱশ্যে সকলো ৰাজ্যতেই সংক্রমণৰ গ্রাফ বহু পৰিমাণে নামিছে ।
যোৱা ২৪ ঘণ্টাত ২০৬ জনৰ মৃত্যু হৈছে । দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি পাঁচ লাখ ১২ হেজাৰ ১০৯ হৈছে । দৈনিক সুস্থতাৰ হাৰো বাঢ়িছে । বিগত ২৪ ঘণ্টাত সুস্থতাৰ হাৰ ৯৮.৩০ শতাংশ ।