Shakuntala Choudhary : পদ্মশ্রী বঁটাপ্ৰাপ্ত শকুন্তলাৰ দেহাৱসান

Gandhian leader Padma Shree awardee Shakuntala Chaudhary passes away at age 102

পদ্মশ্রী বঁটা লাভ কৰা ২৫ দিনৰ পাছতে মৃত্যু হ’ল অসমৰ সমাজসেৱী শকুন্তলা চৌধুৰীৰ । গুৱাহাটিৰ উলুবাৰীৰ কস্তুৰবা আশ্রমত তেওঁ জীৱনজুৰি সমাজ সেৱা কৰিছে । ১০২ বছৰ বয়সত তাতেই তেওঁ দেওবাৰে নিশা শেষ নিঃশ্বাস ত্যাগ কৰে । সমাজসেৱাৰ স্বীকৃতি হিচাপে শকুন্তলাই চলিত বৰ্ষৰ ২৬ জানুৱাৰীত পদ্মশ্রী লাভ কৰিছিল । অৱশ্যে তেতিয়ালৈকে তেওঁৰ স্মৃতি মচি গৈছিল ।

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শকুন্তলা । তেওঁৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শোক প্রকাশ কৰি লিখে, “গান্ধীবাদী আদৰ্শৰ প্ৰচাৰৰ ক্ষেত্ৰত কৰা জীৱনজোৰা প্ৰয়াসৰ বাবে শকুন্তলা চৌধুৰী চিৰস্মৰণীয় হৈ ৰ’ব । শৰণীয়া আশ্ৰমত তেওঁৰ মহান কামে বহু লোকৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাইছিল ।” ১৯৮৫ত শৰণিয়া পাহাৰত কস্তুৰবা আশ্রম তৈয়াৰ হৈছিল । তাত আৰম্ভ কৰা গ্রাম সেৱিকা বিদ্যালয়ৰ বাবে গান্ধীবাদী নেত্রী তথা আশ্রম পৰিচালিকা অমলপ্রভা দাসে শিক্ষিত যুৱতীৰ সন্ধান কৰিছিল । সেই সময়তেই, গান্ধীৰ আদর্শত অনুপ্রাণিত হৈ শকুন্তলাই আশ্রমৰ বাসিন্দা হয় । পৰৱর্তী সময়ত তেওঁ শিক্ষকতা কৰিলেও আশ্রমৰ কামো কৰি থাকে ।

মিজোৰাম, নগালেণ্ড, মেঘালয়ৰ দুর্গম অঞ্চলত গৈও গান্ধীজিৰ আদর্শ প্রচাৰ কৰিছে শকুন্তলাই । ভূমিকম্প, বান, চীনৰ আক্রমণ, ভাষা আন্দোলনৰ দৰে বিভিন্ন অস্থিৰতাৰ সময়ত ত্রাণৰ বাবে তেওঁ সহায়ৰ হাত আগবঢ়াইছিল । বিনয় ভাবেৰে সমগ্র অসমত ঘূৰি আদর্শ প্রচাৰৰ কামো কৰে । কস্তুৰবা গান্ধী স্মাৰক ট্রাষ্টৰ প্রতিনিধি হয় । সাত দশক পাছত কাম আৰু পদৰ পৰা অৱসৰ লয় যদিও উপদেষ্টা আছিল । সমাজসেৱাৰ বাবে তেওঁ বহু পুৰস্কাৰেৰে সন্মানিত হৈছিল ।

Exit mobile version