Russia-Ukraine-Crisis : ৰাছিয়াৰ বাবে বন্ধ পশ্চিমৰ বজাৰ

1628651237 joe biden

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকা আৰু ইয়াৰ পশ্চিমীয়া বন্ধু দেশসকলে মস্কোৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে। মঙলবাৰে এই ঘোষণা কৰিলে আমেৰিকা ৰাষ্ট্ৰপতি জ’বাইডেনে

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ অব্যাহত ৰাখিলে আৰু কঠোৰ নিষেধাজ্ঞা সন্মুখীন হ’ব পাৰে, ভ্লাদিমিৰ পুটিনৰ দেশক সতৰ্ক হোৱাইট হাউছৰ ।

এই নিষেধাজ্ঞাৰ ফলত, পশ্চিমৰ স’তে মস্কোৰ অৰ্থনৈতিক লেনদেন বৰ্তমানৰ বাবে বন্ধ হৈ গৈছে। বাইডেনে জনাইছে দেশ হিচাপে কেৱল ৰাছিয়াই নহয়, সেই দেশৰ বৃহত্ব উদ্যোগীসকলৰ বাবেও বন্ধ পশ্চিমৰ বজাৰ। লগতে ৰাছিয়াৰ সৰ্ববৃহৎ বেংক ভিইবি আৰু সামৰিক বেংকৰ ওপৰতো জাৰি কৰা হ’ব এই নিষেধাজ্ঞা ।

দেশৰ বাহিৰত সেনা শক্তি ব্যৱহাৰৰ বাবে সংসদে সেউজ সংকেত দিয়াৰ পাছত হোৱাইট হাউচৰ দ্বাৰা এই আনুষ্ঠানিক ঘোষণা । আগতে ইউৰোপৰ বজাৰ ৰাছিয়াৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ইউৰোপীয় ইউনিয়নে । এইবাৰ, আমেৰিকায়েও একেই সিদ্ধান্ত ঘোষণা কৰিলে।

অৱশ্যে, কেৱল অৰ্থনৈতিক নিষেধাজ্ঞাই নহয়, ইউক্ৰেইনৰ সংকটৰ মোকাবিলা কৰাৰ বাবে কিভক যোদ্ধাস্ত্ৰ দিয়াৰ কথাও ঘোষণা কৰে বাইডেনে।

তেওঁ কয়,”নাটো অঞ্চলসুৰক্ষাৰ বাবে আমেৰিকা দায়বদ্ধ। ইয়াক যিকোনো মূল্যত সুৰক্ষিত কৰা হ’ব। সেয়েহে ইউক্ৰেইনক আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। “অৱশ্যে, এই মুহূৰ্তত, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে যে আমেৰিকা ৰাছিয়াৰ স’তে পোনপটীয়া যুদ্ধত লিপ্ত হোৱাৰ কোনো সম্ভাৱনা নাই।

যদিও ৰাছিয়াৰ ওপৰত একপক্ষীয় অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সমগ্ৰ ইউৰোপ মুখ্যতঃ গেছ আৰু তেলৰ বাবে পুটিনৰ দেশৰ ওপৰত নিৰ্ভৰ কৰে।

ফলস্বৰূপে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধপৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা নিষেধাজ্ঞাই ইউৰোপত তেলৰ মূল্য আকাশচুম্বী হোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে।

বিশেষজ্ঞসকলে অনুমান কৰে যে যদি কৰ’না বিধ্বস্ত অৰ্থনীতিত তেলৰ মূল্য বৃদ্ধি হয় তেন্তে সামগ্ৰিক পৰিস্থিতি অধিক বেয়া হ’ব পাৰে ।

Exit mobile version