Viral :ৰে’ল ৰখাই কচুৰি কিনিছে চালকে ! তাৰ পাছত কি হ’ল শুনিলে হ’ব আচৰিত

1645613104 train

এটা লেভেল ক্ৰছিংৰ সন্মুখত এখন দীঘলীয়া ৰে’ল ৰৈ থোৱা দেখা গ’ল । সন্মুখত থকা লাইনৰ কাষত ইতিমধ্যে থিয় হৈ আছে এজন লোক। হাতত ধৰি আছে এটা পেকেট ।

ৰেলখন ৰোৱাৰ সময়তে চালকৰ হাতত পেকেট তুলি দিয়া দেখা গ’ল মানুহজনক । মাত্ৰ কিছু ছেকেণ্ডৰ ,তাৰ পাছতে তাৰ পৰা ৰাওনা হ’ল চালক । ঘটনাটো ৰাজস্থানৰ আলৱাৰৰ।

তথ্য অনুসৰি, চালকজনে কচুৰি কিনিবলৈ ৰে’লখন ৰখাইছিল। ৰে’লখনৰ চালক, সহ-চালক আৰু দুজন গেটমেনক ইতিমধ্যে নিলম্বিত কৰা হৈছে। ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে জয়পুৰৰ বিভাগীয় ৰে’ল প্ৰৱন্ধক (ডিআৰএম)য়ে তদন্তৰ নিৰ্দেশ দিয়ে।

বিগত বছৰো ভাইৰেল হৈছিল এনে এক দৃশ্য । কিন্তু সেই দৃশ্য এই দেশৰ নাছিল সেইয়া আছিল পাকিস্তানৰ। দৈ কিনিবৰ বাবে ৰে’লখন ৰখাইছিল চালকে।

তাৰ পাছত, তেওঁ দৈ কিনি পুনৰ ৰেলখন লৈ গন্তব্যস্থানলৈ ৰাওনা হৈছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে পাকিস্তানৰ ৰে’ল মন্ত্ৰী আজম খান স্বাতীয়ে চালক ৰাণা মহম্মদ শ্বেহজাদ আৰু তেওঁৰ সহকাৰী চালক ইফতিকাৰ হুছেইনক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে। পাকিস্তানৰ পাছত, পাকিস্তানৰ পাছত এইবাৰ ইয়াতো দেখা গ’ল একেই দৃশ্য।

Exit mobile version