ইউক্ৰেইন আৰু ৰাছিয়াৰ (Russia-Ukraine War)যুদ্ধৰ প্ৰভাৱ পৰিছে ৰাছিয়ান পানীয় ভদকাৰ ওপৰত ! ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ প্ৰতিবাদত, বহুতো আমেৰিকা-কানাডিয়ান বাৰৰ মালিকে তেওঁলোকৰ বাৰৰ পৰা সকলো ৰাছিয়ান ভদকা পেলাই দিয়ে।
টুইটাৰত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গ’ল,ভাৰমণ্টৰ এজন বাৰ কৰ্মীয়ে ৰাছিয়ান ভদকা ষ্টোলিচানায়াৰ বটল এটা খুলি নলাত পেলাই কয়, “দুঃখিত, আমি ৰাছিয়ান সামগ্ৰী বিক্ৰী নকৰোঁ। “
পুটিনৰ দেশত তৈয়াৰী সুৰাৰ বিক্ৰী বন্ধ কৰাৰ উপৰিও, বাৰ মালিকসকলে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত তৈয়াৰ কৰা সুৰা বিক্ৰীৰ ওপৰত জোৰ দিছে। একে সময়তে, ৰাছিয়ান মদ আৰু অন্য সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰিৰ নিৰ্দেশ দিছে উহিং আৰু নিউ হেম্পশায়াৰৰ প্ৰশাসনে।
Bars and liquor store owners in the west are throwing away their entire stock of Russian vodka because they’re racist.
A reminder when France refused to side with the U.S. lies against Iraq in 2003, American restaurants changed the name of “French fries” to “freedom fries”. pic.twitter.com/hZbxeYncFg
— 🅹🅾️🅴🆈աrecκ ☭ (@joeywreck) February 26, 2022
কানাডাত অণ্টাৰিঅ’ৰ সুৰা বিক্ৰী নিয়ন্ত্ৰক বোৰ্ডেও ঘোষণা কৰিছে যে তেওঁলোকৰ বিভিন্ন দোকানত থকা ৰাছিয়ান সুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
মিচিগানৰ বব’ছ বাৰৰ গৰাকী বব কিউৰে কয়, “আমেৰিকা ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। মই ভাবিছিলো যে মই মোৰ নিজৰ ধৰণে ৰাছিয়ান সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিম। গতিকে মই মোৰ দোকানত থকা যিমান ছোভিয়েট ব্ৰেণ্ড ষ্টোলিচানায়াৰ বটল আছে সেয়া সকলো উলিয়াই দিছোঁ ।
সেই ঠাইত, মই ৰাখিছোঁ ইউক্ৰেইনৰ ভেক্টৰৰ বটল আৰু সেই বটলটোত, মই লিখিছো ‘সাপোৰ্ট ইউক্ৰেইন’। “ফেচবুকত ববৰ এই সুৰা নিষেধাজ্ঞা কথা ঘোষণা কৰাৰ বাবে ইউক্ৰেইনৰ সমৰ্থকৰ ভিৰ তেওঁৰ বাৰত ঢলিউপচি পৰিছে ।