বিগত আঠ বছৰে দেশক কেৱল যুদ্ধই উপহাৰ দিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । অনৈতিকভাৱে ক্রিমিয়া দখলৰ পৰিণাম হিচাপেই আজি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰিছে ৰাছিয়াই । চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি ৰাছিয়াৰ পথত প্রতিবাদত নামিল নাৰীবাদীসকল । তেওঁলোকৰ দাবী, শীঘ্ৰে ইউক্রেইনৰ পৰা সেনা প্রত্যাহাৰ কৰক ৰাছিয়াই । বন্ধ হওক যুদ্ধ ।
সম্প্রতি এক বিবৃতিত বিশ্বব্যাপী নাৰীবাদী সংগঠনসমূহক একত্রিত হোৱাৰ আহ্বান কৰিছে ৰাছিয়াৰ নাৰীবাদীসকলে । পুটিন-সেনাই বীৰদর্পে ইউক্রেইন আক্রমণ কৰাৰ সময়ত, দেশতেই চৰকাৰ-বিৰোধী আন্দোলনৰ আহ্বান জনালে নাৰীবাদী সংগঠনসমূহে ।
তেওঁলোকে বিবৃতিত জনাইছে, প্রতিবেশী দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি সমগ্ৰ মহাদেশৰ শান্তি বিঘ্নিত কৰিছে পুটিন চৰকাৰে । অথচ, চেষ্টা কৰিলেই এই যুদ্ধ সমাপ্ত কৰিব পাৰি । তাকেই নকৰি দিনক দিনে ইউক্রেইন সীমান্তত সেনা মোতায়েন কৰা হৈছে । প্ৰকৃততে বহু আগৰ পৰাই যুদ্ধৰ পৰিকল্পনা কৰিছিল পুটিন চৰকাৰে । এই দাবী ৰুছ নাৰীবাদী সংগঠনসমূহৰ ।
ৰাছিয়াৰ ৩০ খনৰো অধিক চহৰৰ পথত ওলাই আহি ইউক্রেইন আক্রমণৰ প্রতিবাদ কৰিছে নাৰীবাদীসকলে । কে’বাজনো প্রতিবাদীক আটক কৰিছে ৰুছ আৰক্ষীয়ে । তৎস্বত্ত্বেও বন্ধ হোৱা নাই প্রতিবাদ ।
ৰাছিয়াৰ নাৰীবাদী সংগঠনসমূহে বিবৃতি দি জনায়, যুদ্ধ মানেই মৰা-কটা, ধ্বংস আৰু প্রাণহানী । যুদ্ধ মানেই দাৰিদ্র আৰু আর্থিক সংকটক আহ্বান । যুদ্ধ কেৱল বোমা-বাৰুদৰ হিংসা নহয়, হিংসা মহিলাসকলৰ প্রতিও । প্রতিটো যুদ্ধত হেজাৰ হেজাৰ মহিলা ধর্ষিতা হয় । যুদ্ধৰ অকাল মৃত্যুত সৃষ্টি হয় লিংগ-বৈষম্য । বিবৃতিৰ শেষাংশত লিখা হয়, ‘‘আমি ৰাছিয়াৰ নাৰীবাদীসকলে এই যুদ্ধৰ, পিতৃতন্ত্ৰ, স্বেচ্ছাচাৰিতা আৰু সামৰিক অভিযানৰ তীব্র নিন্দা কৰিছো ।’’