৬৫ ঊর্ধ্বৰ বয়সৰ লােকক উপকৃত কৰিছে ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধকে

covid vaccination 1632851106

ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ বিশ্বজুৰি অব্যাহত আছে যদিও ই এতিয়ালৈকে তেনে বিশেষ মাৰাত্মক ৰূপ ধাৰণ কৰা নাই।

ক’ভিডৰ প্রতিষেধক গ্রহণ কৰা ৬৫ বা ততােধিক বছৰ বয়সৰ লােক সকলকো অমিক্রনে সংক্রমিত কৰিছে যদিও এই বয়সৰ লােকৰ বিশেষ ক্ষতি কৰিবলৈ সক্ষম হােৱা নাই।

ব্রিটিছ গৱেষকৰ এক অধ্যয়নত এই তথ্য পােহৰলৈ আহিছে। অধ্যয়নটোৰ তথ্য অনুসৰি দুপালি প্রতিষেধক গ্রহণ কৰাৰ পাছত ৬৫ ঊর্ধ্বৰ বয়সৰ লােক ক’ভিডত সংক্রমিত হৈছে যদিও তেওঁলােকৰ মাজত চিকিৎসালয়ত ভর্তি হােৱাৰ হাৰ সম্প্রতি ৫০ শতাংশ হ্রাস হৈছে।

তদুপৰি যিসকল ৬৫ ঊর্ধ্বৰ বয়সৰ লােকে ক’ভিডৰ বুষ্টাৰ প্রতিষেধক গ্রহণ কৰিছিল, তেওঁলােকৰ মাজতাে চিকিৎসাধীন হােৱা ৰােগীৰ সংখ্যা যথেষ্ট সীমিত হৈছে।

ব্রিটিছ গৱেষকৰ এই অধ্যয়নৰ দাবী অনুসৰি বুষ্টাৰ প্ৰতিষেধক গ্রহণ কৰা ৬৫ ঊধ্বৰ বয়সৰ লােকসকলে অমিক্রনক পৰাভূত কৰিবলৈ সফল হৈছে।

Exit mobile version