ইউক্রেইনৰ এটা মেট্র’ ষ্টেচনৰ কাষত আক্ৰমণ কৰিলে ৰাছিয়াই । স্থানীয় সময় বুধবাৰে পুৱা কে’বাটাও স্থানত যৌথ বিস্ফোৰণত কঁপি উঠিল অঞ্চল । এই দাবী স্থানীয় সংবাদপত্র ‘দ্য কিয়েভ ইনডিপেনডেন্ট’-ৰ ।
দ্রুজভি নাৰোদিভ নামে মেট্র’ ষ্টেচনত ‘বম্ব শ্বেল্টাৰ’ হিচাপে আশ্রয় লৈছে বহু ইউক্রেনীয়ই । একেৰাহে চাৰিটা বিস্ফোৰণত আতংকৰ সৃষ্টি হয় আশ্রয় লৈ থকা সকলৰ মাজত । প্রতিবেদন অনুযায়ী, এই আক্ৰমণৰ পাছতেই কিয়েভ অ’ব্লাষ্টছ মিকোলেভ, লিভিভ, জাইতোমিৰসহ বহুকেইখন ঠাইত এয়াৰ ৰেড সতর্কতা জাৰি কৰা হৈছে ।
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে বিবৃতি জাৰি কৰি জনাইছে, বুধবাৰে নিশা মেট্র’ ষ্টেচনত ক্ষেপণাস্ত্র আক্ৰমণ চলাইছে ৰাছিয়াই । অৱশ্যে এই আক্ৰমণত কিমান ক্ষতি হৈছে, কোনো হতাহতৰ ঘটনা ঘটিছে নে নাই সেয়া স্পষ্ট নহয় ।
কিয়েভৰ দক্ষিণৰ প্রধান ৰেল ষ্টেচনটো বুধবাৰে আক্ৰমণ কৰে ৰাছিয়াই । ৰাছিয়াৰ সামৰিক অভিযানৰ পাছৰ পৰাই তাত বহু লোকে আশ্রয় লৈছে । বহু লোকে ৰেলেৰে চহৰ এৰাৰ প্রস্তুতি চলাইছে । ৰেল সেৱা বিচ্ছিন্ন কৰিবৰ বাবে পৰিকল্পিত আক্ৰমণ কৰা হৈছে বুলি দাবী কৰিছে ইউক্রেইনৰ গৃহ মন্ত্রণালয়ৰ উপদেষ্টা এন্টন হেৰাছচেংকোৱে ।