ইউক্রেইনৰ স’তে চলি থকা যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ আবেদন জনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে সকলো ধৰণৰ সম্পর্ক বিছিন্ন কৰিলে সেই দেশৰ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী সংস্থা লুকঅইলে ।
বিশ্বৰ মুঠ উৎপাদিত অশোধিত তেলৰ প্রায় দুই শতাংশ উৎপাদন কৰে এই ৰুছ সংস্থাই । প্রায় এক লাখ কর্মী কাম কৰে এই সংস্থাত ।
সংস্থাৰ পৰিচালনা পৰিষদে তেওঁলোকৰ অংশীদাৰ, কর্মচাৰী আৰু গ্রাহকসকলক উদ্দেশ্যি এটা বিবৃতিত এই সশস্ত্র সংঘাতৰ দ্রুততম অৱসানৰ আহ্বান জনাইছে । বিবৃতিটোত তেওঁলোকে কৈছে, ‘যুদ্ধত ক্ষতিগ্রস্তসকলৰ প্রতি আমি আন্তৰিক সহানভূতি প্রকাশ কৰিছো । আমি শীঘ্ৰে যুদ্ধ বন্ধ হোৱাটো বিচাৰো আৰু আলোচনা মাধ্যমত সমস্যাৰ সমাধান হওক ।’
লুকৱেলৰ চেয়াৰমেন আৰু চিইঅ’ ভেগিট এলেকপ্রভ ৰাছিয়াৰ অন্যতম ধনী ব্যক্তি । সংবাদ সংস্থা সূত্রে খবৰ, লুকৱেলৰ অধিকাংশ অংশীদাৰী, প্রাক্তন তৈল শোধনাগাৰ কর্মচাৰী আৰু তেওঁৰ সহকাৰী লিঅ’নিড ফেডানৰ তাত আছে । ইউক্রেইন-ৰাছিয়া যুদ্ধ পৰিস্থিতিৰ ফলত পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে আন্তর্জাতিক ব্যৱসায়ীসকলে ৰাছিয়াৰ অশোধিত তেল কিনাৰ পৰা বিৰত আছে । ফলত লুকঅইলে বিপুল ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে । লণ্ডনত এই সংস্থাৰ শ্বেয়াৰ দৰ হৈছে প্রায় ৯৯ শতাংশ ।
যোৱা বৃহস্পতিবাৰৰ পৰা কোম্পানিৰ শ্বেয়াৰৰ ওপৰত সমস্ত লেনদেন বাতিল কৰি দিয়া হৈছে । কেৱল লণ্ডন নহয় আমেৰিকাতো ব্যৱসায় চলোৱাত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে লুকঅইল । নিউ ইয়র্ক, নিউ জাৰ্ছি, পেনচিলভেনিয়াজুৰি প্রায় দুশৰো অধিক পেট্রল পাম্প আছে সংস্থাটোৰ । কিন্তু সেই ঠাইৰ বাসিন্দাসকলে সংস্থাটোক বয়কট কৰিছে ।
সম্প্রতি ৰাছিয়াৰ আৰু দুই ধনকুবেৰ মিকাইল ফ্রিডমেন আৰু অ’লেগ দেৰিপাস্কাই যুদ্ধ বন্ধ কৰাৰ আবেদন জনাই ক্রেমলিনৰ স’তে তেওঁলোকৰ সমস্ত সম্পর্ক বিছিন্ন কৰিছে । মিকাইল ফ্রিডমেন ৰাছিয়াৰ বৃহত্তম বেচৰকাৰী বেংক আলফা বেংকৰ চেয়াৰমেন । এই আলফা বেংকৰ ওপৰতো সম্প্রতি নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাই ।