চিৰাং জিলাৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ, সম-দৰমহাৰ দাবী

অসম গৃহৰক্ষী জোৱানৰ অনিৰ্দিষ্টকালিন কৰ্মবিৰতি আজিৰে পৰা । দিনে-নিশাই আৰক্ষীৰ স’তে সমানে সমানে নিৰাপত্তাৰ কৰ্মত নিয়োজিত থকা গৃহৰক্ষী জোৱানসকলৰ সমান চাকৰীৰ সমান দৰমহাৰ দাবী উত্থাপন কৰিছে ।

প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু গৃহৰক্ষী জোৱানসকলৰ মকৰল ক্ষেত্ৰত অনলাইন ডিপ্লয়মেন্ট ছিষ্টেম অতি সোনকালে বন্ধৰ দাবী কৰে এই কৰ্ম বিৰতিৰ জৰিয়তে ।

চিৰাং জিলাৰ গৃহৰক্ষী জোৱানসকলে ঢালিগাঁওস্থিত গৃহৰক্ষী জোৱানসকলৰ বেৰেকত একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version