বিহু সাত দিনৰ ভিতৰত শেষ কৰাৰ সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পী দীপলিনাই

deeplina deka 20210512 0003

বিহু সাত দিনৰ ভিতৰত শেষ কৰাৰ সন্দৰ্ভত কণ্ঠশিল্পী দীপলিনাই কয়, “ম‌ই এগৰাকী গায়িকা হিচাপে এইটোৱে কম যে বিতৰ্ক আচলতে সৃষ্টি হোৱা নাছিলে । সামাজিক মাধ্যম বা সংবাদ মাধ্যমত নিজে নিজে কৰা এটা বিষয় হৈ পৰিছে । বিগত কিছুদিনত কে’বাটাও কথা চৰ্চাত আহিছিল যে বিহু সাত বা ১০ দিনে হ’ব নেকি, কিন্তু ম‌ই clear আছিলো যে আমাৰ মুখ্যমন্ত্ৰীৰে কেতিয়াও কোৱা নাই বিহু সাত দিনে হ’ব লাগিব । তেওঁ কেৱল কৈছিল যে প্ৰথম সাত দিনত যিসমূহ বিহু কমিটী ১০ বছৰতকৈ পুৰণি তেওঁলোকক চৰকাৰে এটা বৰঙণিৰে সহায় কৰিব । সেইটো খুব ভাল পদক্ষেপ । কাৰণ আগতে ম‌ই কেতিয়াও শুনা নাছিলো ।

ক’ভিডে সকলোকে জুৰুলা কৰা সময়ত তেওঁৰ এই পদক্ষেপ আদৰণিয় । আজি এটা স্পষ্টিকৰণ দেখিলো তেওঁ clear কৰিছে যে তেওঁ কেতিয়াও বিহু সাত দিন হ’ব বুলি কোৱা নাই । সেইটো আমি সকলোৱে জানো, কিন্তু কিয় চৰ্চালৈ আহিছে সেইটোহে ডাঙৰ প্ৰশ্ন । কিন্তু তেওঁ যিহেতু clear কৰিছে আমি সকলোৱে সুখী ।”

Exit mobile version